গুৱাহাটী, ৫ অক্টোবৰ : 'ঘৰে ঘৰে বিশুদ্ধ পানী’ শীৰ্ষক শ্ল'গানেৰে জল জীৱন মিছন আধাতে সামৰিলে ৰাজ্য় চৰকাৰে ৷ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত জল জীৱনৰ কাম-কাজ সদ্যহতে বন্ধৰ নির্দেশ চৰকাৰৰ । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ সকলোবোৰ কাম পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সঞ্চালকে । শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সঞ্চালকে ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সকলোবোৰ আঁচনিৰ কাম বন্ধ কৰাৰ নিৰ্দেশ দিছে ।
কিয় বন্ধ হৈছে জলজীৱন আঁচনি ? চৰকাৰৰ যুক্তি:
ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সঞ্চালক কৈলাশ কাৰ্তিকে জাৰি কৰা জল জীৱন আচঁনিৰ সকলো কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়া জাননীখনত উল্লেখ কৰা হয় যে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নোহোৱা আৰু ঠিকাদাৰে নিৰ্মাণ কৰা সকলো পানী যোগান আঁচনিৰ কামৰ গুণগত মান তৃতীয় পক্ষৰ দ্বাৰা পৰীক্ষণৰ বাবেই এই কাম বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ৷
উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগত বিভাগীয় মন্ত্রী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব, জল জীৱন মিছনৰ পৰিচালন সঞ্চালক আদিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ সিদ্ধান্ত অনুসৰিয়েই জে এম এমৰ নিৰ্মাণকাৰ্য চলি থকা সকলো আঁচনিৰ কামেই সাময়িকভাবে বন্ধৰ নিৰ্দেশ দিয়ে ।
জল জীৱনৰ কাম বন্ধৰ জাননীখনত উল্লেখ কৰা হৈছে, “ ইয়াৰ দ্বাৰা কিছুসংখ্যক ঠিকাদাৰৰ বাবে আঁচনিৰ পৰিকল্পনা সময়সীমাৰ পৰা আঁতৰি অহাৰ কাৰণ চিনাক্ত কৰাৰ লগতে সম্পূৰ্ণ কৰা কামৰ মানৰ মূল্যায়ন কৰা আৰু যদি এতিয়াও কাম কৰিবলৈ বাকী আছে তেন্তে বিলম্ব হোৱাৰ মূল কাৰণ নিৰ্ণয় কৰাত গুৰুত্ব দিয়া হ’ব । সাময়িক বন্ধ কৰাৰ উদ্দেশ্য হৈছে সকলো প্ৰকল্পই যাতে অসম চৰকাৰৰ জল জীৱন মিছন আৰু ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে নিৰ্ধাৰিত মান পূৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা ।”
উদং ৰাজকোষ ! স্তব্ধ ঘৰে ঘৰে নল, ঘৰে ঘৰে জলৰ সপোন: