অসম

assam

ETV Bharat / state

বাজপেয়ী অসমবাসীৰ বিপদৰ সময়ত কাষত থিয় হৈছিল: মুখ্যমন্ত্ৰী - GOOD GOVERNANCE DAY

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী । বিজেপিয়ে প্ৰাক্তন নেতাগৰাকীৰ স্মৃতিত দেশজুৰি আয়োজন কৰিছে 'সুশাসন দিৱস' ।

GOOD GOVERNANCE DAY
ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী (X@himantabiswa)

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 4:08 PM IST

গুৱাহাটী: 25 ডিচেম্বৰ ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী । সমগ্ৰ দেশতে আজিৰ এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে । সমান্তৰালভাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাক্তন নেতাগৰাকীৰ স্মৃতিত দেশজুৰি আয়োজন কৰিছে 'সুশাসন দিৱস'ৰ । তাৰ অংশস্বৰূপে আজি অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আৰু মালিগাঁৱৰ অটল উদ্যানত অনুষ্ঠান অনুষ্ঠিত হয় ।

বাজপেয়ী ভৱনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, "আজি বাজপেয়ীৰ শতবৰ্ষ ওপজা দিন । তেওঁৰ এই শতবৰ্ষ গৰকা ওপজা বছৰটো আমি ভাৰতীয় জনতা পাৰ্টিয়ে সুশাসন বৰ্ষ হিচাপে পালন কৰিম ।"

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী (ETV Bharat Assam)

ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মালিগাঁৱৰ অটল উদ্যানত আয়োজিত অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্ত্তি উদ্বোধন কৰে আৰু বাজপেয়ীৰ জীৱনভিত্তিত প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আদৰণি ভাষণ আগবঢ়ায় ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব‌ শৰ্মাই কয়, "বাজপেয়ীয়ে দেশক সমৃদ্ধ কৰিছিল । বাজপেয়ী প্ৰগতিৰ নতুন পথৰ সূচনা কৰিছিল । বাজপেয়ী অসমবাসীৰ বাবে এক বিশেষ নাম । তেওঁ বিপদৰ সময়ত অসমবাসীৰ কাষত থিয় হৈছিল । অসমৰ সমস্যা সমাধান কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ আছিল । ড’নাৰ মন্ত্ৰালয় তেওঁ গঠন কৰিছিল ।"

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয়, "তেওঁ মুঠ বাজেটৰ ১০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলত ব্যয় কৰাৰ সিদ্ধান্ত লৈছিল । উত্তৰ-পূৰ্বাঞ্চলত আঞ্চলিক বৈষম্য দূৰ কৰাৰ বাবে বাজপেয়ীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে বড়োভূমিত শান্তি স্থাপন কৰিছিল ।" অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল ৰবৰুৱা, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা, অশোক সিংহল আদি ‌উপস্থিত থাকে ।

লগতে পঢ়ক:অটল বিহাৰী বাজপেয়ীৰ ১০০ সংখ্যক জন্মজয়ন্তীত বিশেষ প্ৰবন্ধ প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details