গুৱাহাটী :জ্যোতিপ্ৰসাদ আগৰৱালাৰ আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতো চিঠি, যিবোৰ এতিয়াও ৰাজহুৱা নাই সেইবোৰ সংৰক্ষণ কৰি গৱেষণা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে । এই কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই ।
গুৱাহাটী বিশ্ববিদ্যালয়ত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে এই সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ লগত আলোচনা কৰা হৈছে । জ্যোতিপ্ৰসাদ আগৰৱালাই অংকন কৰা বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ আৰ্হি চিত্ৰ আৰু কলা ভৱনৰ আৰ্হি চিত্ৰৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতো চিঠি পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছে । এইবোৰ ডিজিটেলাইজড কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব ।
তেওঁ কয়, "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ অসমৰ গৌৰৱ । জাতীয় কলা-সংস্কৃতিৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিও তেওঁ অৱদান অপৰিসীম । বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ ৰূপ-নিদৰ্শনৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । সেয়েহে ৰূপকোঁৱৰৰ আপুৰুগীয়া সম্পদসমূহৰ মূল (original) তথ্য-পাতিসমূহ (বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ ৰূপ-নিদৰ্শনৰ সমল তথা অসমীয়া ছবি নিৰ্মাণৰ ইতিহাস তথা তেওঁৰ সৃষ্টিৰাজি আদি কৰি) স-সন্মানেৰে বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সংৰক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে ।"