অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড - Gauhati University

Achievement of Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ে বিশেষ সফলতা কঢ়িয়াই আনিছে । এই সাফল্য়ৰ পিচতেই উচাহৰ ঢল গুৱাহাটী বিশ্ববিদ্যালয়ত ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:21 PM IST

Achievement of Gauhati University
গুৱাহাটী বিশ্ববিদ্যালৰ বিশেষ সফলতা (ETV BHARAT ASSAM)

গুৱাহাটী, ৫ জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ে আন এক সাফল্য়ৰে পুনৰ জিলিকি উঠিছে । উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম মহৎ প্ৰতিষ্ঠান হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াভাৱে এক সু-খবৰ কঢ়িয়াই আনিছে । উল্লেখ্য যে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্রীয় মূল্যাংকণ আৰু প্ৰত্যায়ন পৰিষদৰ (নাক) মূল্যায়ন আৰু স্বীকৃতিৰ চতুৰ্থ চক্ৰত এ+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয় । এই খবৰে বিশ্ববিদ্যালয় পৰিয়ালৰ মাজত উৎসাহৰ ধল বোৱাই আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালৰ বিশেষ সফলতা (ETV BHARAT ASSAM)

উল্লেখ্য যে শুক্ৰবাৰে সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গৰাকীয়ে এক বিবৃতি যোগে উল্লেখ কৰা মতে, 'নাক' কৰ্তৃপক্ষই আজি সন্ধিয়া নাকৰ মূল্যায়ন আৰু স্বীকৃতিৰ চতুৰ্থ চক্ৰত এ+ গ্ৰেড প্ৰদান কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে । নাকে প্ৰদান কৰা মূল্যায়ন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে বিশেষ সফলতা কঢ়িয়াই অনা বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে বিশ্ববিদ্যালয় পৰিয়ালবৰ্গক অভিনন্দন জ্ঞাপন কৰে । লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ে এনে গৌৰৱ কঢ়িয়াই অনা বাবে শিক্ষানুষ্ঠানখনৰ উপাচাৰ্যকে ধৰি বিশ্ববিদ্যালয়খনৰ আই কিউ এ চি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অনা শিক্ষক-কৰ্মচাৰী সকলক অভিনন্দন জনায় ।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি জিন্টু দাসে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে এনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ কয়,"গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে সফলতাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলোৱে গৌৰৱবোধ কৰিছো । এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য-পঞ্জীয়ক প্ৰমুখ্যে সকলো বিষয়া-কৰ্মচাৰী , শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক, ছাত্ৰ-ছাত্ৰী তথা অনা শিক্ষক-কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰিছো । লগতে অনাগত দিনত গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াতকৈ অধিক সন্তোষজনক ফলাফল কঢ়িয়াই আনিব বুলি আমি যথেষ্ট আশাবাদী ।"

লগতে পঢ়ক:ছফ্টৱেৰ দুৰ্বল হোৱা বাবেই ঘটিল বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰী: মুখ্যমন্ত্ৰী - Gauhati university marksheet scam

মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

ABOUT THE AUTHOR

...view details