গুৱাহাটী:উৰণ সেতু নিৰ্মাণৰ বাৰেগুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছসমূহ কটাৰ প্ৰসংগক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে আহিল এটা ভাল খবৰ । দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ চৰকাৰক ১১ নবেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।
গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছে । নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত উৰণ সেতুখন নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ কেইবাজোপা শতবৰ্ষ পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
তাৰ পিছতে সচেতন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত মঙলবাৰে চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।
আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শোৱা জেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে কয়,"দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব চৰকাৰে । এই সময়ছোৱাৰ ভিতৰত চৰকাৰৰ বিকল্প পৰিকল্পনাৰ সবিশেষ জনাব লাগিব । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।"