গুৱাহাটী:অসমত টোলগেট আৰু টোল কৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতৰ্ক আৰু বিৰোধৰ মাজতে সাংসদ দিলীপ শইকীয়াই বিষয়টো সন্দৰ্ভত এক বিশেষ প্ৰসংগ উত্থাপন কৰিছে । সাংসদগৰাকীয়ে অসমত দুখন টোলগেটৰ মাজৰ ব্যৱধান কমেও ১০০ কিলোমিটাৰ কৰাৰ লগতে টোল কৰ হ্ৰাস কৰাৰো দাবী উত্থাপন কৰিছে । সাংসদ শইকীয়াই এই প্ৰসংগ উত্থাপন কৰিছে সংসদত । শনিবাৰে সংসদত টোলগেটৰ প্ৰসংগকলৈ সাংসদ দিলীপ শইকীয়া বিশেষভাৱে সক্ৰিয় হৈ পৰে ।
সংসদত টোলগেট সম্পৰ্কে দিলীপ শইকীয়াৰ দাবী
দেশৰ টোলগেটসমূহৰ যোগেদি ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰ হ্ৰাস কৰাৰ লগতে দুখন টোলগেটৰ মাজত অতি কমেও ১০০ কিলোমিটাৰ দূৰত্ব ৰাখিবলৈ চৰকাৰক দাবী জনালে সাংসদ দিলীপ শইকীয়াই । লক্ষণীয় বিষয় যে টোলগেটক কেন্দ্ৰ কৰি অসমত বিতৰ্ক আৰু ব্যাপক বিৰোধ আছে ।
দুখন টোলগেটৰ ব্যৱধান ১০০ কিলোমিটাৰ কৰাৰ দাবী দিলীপ শইকীয়াৰ (ETV Bharat) এই বিৰোধৰ প্ৰতি লক্ষ্য ৰাখি দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সংসদত কয়, "দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বর্তমান ৯৮৩ খন টোলগেট চলি আছে । ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ শীৰ্ষত আছে । বর্তমান এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ টোল কৰ আদায় দিবলগীয়া হৈ আছে । যাৰ ফলত দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত আর্থিক বোজা বৃদ্ধি পাবলৈ ধৰিছে । টোল কৰ প্ৰতিবছৰে সংশোধন হৈ আছে । ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয়ও বৃদ্ধি পাবলৈ ধৰিছে । ফলত সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত বোজা পৰি আছে । বৰ্তমান দেশত মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য প্রায় ১,৪৬,০০ কিলোমিটাৰ । এইটো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ঘাইপথ নেটৱৰ্ক । ২০১৮-১৯ বৰ্ষত প্ৰায় ২৫ হাজাৰ কোটি টকা টোল কৰ সংগ্রহ হয় ।"
তেওঁ লগতে কয়, "২০২২-২৩ বৰ্ষত এই পৰিমাণ বৃদ্ধি হৈ ৫৪ হাজাৰ কোটি টকা হয় । ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ৭০ হাজাৰ কোটি টকাৰ ঘৰ স্পৰ্শ কৰাৰো সম্ভাৱনা আছে । কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি দুখন টোলগেটৰ মাজত অতি কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে । কিন্তু অসমত গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্র ৫০ কিলোমিটাৰৰ মাজত দুখন টোলগেট চলি আছে । কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ ওপৰত টোল কৰৰ হেঁচা হ্ৰাস কৰিব লাগে । দুখন টোলগেটৰ মাজৰ দূৰত্ব অতি কমেও ১০০ কিলোমিটাৰ কৰিবলৈ শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে । টোলগেট বৃদ্ধিৰ পৰিমাণ হ্ৰাস কৰিব লাগে ।"
উল্লেখ্য যে সদনৰ গুৰুত্বপূর্ণ কাৰ্যসূচী নিয়ম ৩৭৭ৰ অধীনত সাংসদ দিলীপ শইকীয়াই সংসদত দেশৰ টোলগেটসমূহে ৰাইজৰ পৰা সংগ্ৰহ কৰা অধিক মাচুল কম কৰাৰ লগতে দুখন টোলগেটৰ মাজত কমেও ১০০ কিলোমিটাৰৰ দূৰত্ব ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই দাবী উপস্থাপন কৰে ।
লগতে পঢ়ক :শম্ভু সীমান্তৰ পৰা পুনৰ কৃষকৰ দিল্লী যাত্ৰা - FARMERS DELHI MARCH