চতিয়া : দিনটোৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুকুৰবাৰে সন্ধিয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱত উপস্থিত হৈ গাঁওবাসীৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশ লয় । ‘‘গাঁৱত গৱৰ্ণৰ’’ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে ৰাজ্যপালগৰাকী গাঁওখনত উপস্থিত হৈ ইয়াৰ সাংস্কৃতিক পৰিৱেশ প্ৰত্যক্ষ কৰি অভিভূত হয় ।
নিজে চুঙাপিঠা পোৰা কাৰ্যসূচীত জুই দি গাঁৱৰ পৰিৱেশ ৰোমন্থন কৰাই নহয়, চুঙাপিঠাৰ জুতিও লয় ৰাজ্যপালে । গাঁৱৰ পৰিৱেশৰ সুবাস ল'বলৈ আহি ঢেকী, তিলপিঠা, লাড়ু আদি তৈয়াৰ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে সোৱাদো লয় ।
জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱত চুঙাপিঠাৰ জুতি ল'লে ৰাজ্যপালে (ETV Bharat Assam) আনহাতে, ৰাজ্যপালে তেওঁৰ চমু ভাষণত গাঁৱৰ পৰিৱেশৰ মাধুৰ্যতাক সোঁৱৰণ কৰি কয়, "গাঁৱক বাদ দি আমি কেতিয়াও মানুহ হৈ থাকিব নোৱাৰো । গাঁৱৰ মৰম, একতা আদি জাতিৰ বাবে আদৰ্শ । অসমৰ মানুহে নিজৰ সংস্কৃতিৰ বাবে অলেখ ত্যাগ, সংগ্ৰাম কৰাৰ বাবেই আজি অসমত অসমৰ সংস্কৃতি তজবজীয়া হৈ আছে আৰু থাকিব ।"
আনহাতে, গাঁওখনত প্ৰৱেশ কৰি মহিলাসকলে পৰিৱেশন কৰা থলুৱা বিভিন্ন পিঠা-পনাৰ সোৱাদ লৈ পুনৰ এদিন পিঠা খাবলৈ এই গাঁৱলৈ আহিব বুলিও ৰাজ্যপালে মত প্ৰকাশ কৰে । লগতে ৰাজ্যপাল কেৱল ৰাজভৱনতে নাথাকে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যপাল গাঁৱৰ জনসাধাৰণৰ সুখ-দুখৰ বাবে সদায় গাঁৱৰ ৰাইজৰ লগত থাকিব বুলিও কয় । ৰাইজৰ প্ৰতিটো সমস্যাৰ লগত তেওঁ সদায় থাকিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "গাঁৱত যি সুখ-শান্তি আছে সেয়া অন্যত নাই ।"
উল্লেখ্য যে শুকুৰবাৰে বিয়লি ভাগত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা বিশাল কৃষিপাম 'কন্যকা' পৰিদৰ্শন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । বিয়লি চাৰি বজাত 'কন্যকা'ত উপস্থিত হোৱাৰ পাছতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে কন্যকাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা ৰাজ্যপালক উষ্ম আদৰণি জনোৱা হয় ।
ধূতি-কুৰ্তা পিন্ধি সপত্নীক কন্যকাত প্ৰৱেশ কৰি ৰাজ্যপালে পোনে পোনে কন্যকাত থকা বৰনামঘৰত আঁঠু লৈ সেৱা জনায় । ইয়াৰ পাছতে ৰাজ্যপালে সংগঠিত ৰূপত কন্যকাৰ ভূমিত গঢ়ি উঠা কৃষিকৰ্মৰ লগতে গো-পালন, মৎস্য পালন, কণী উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰে । প্ৰায় দুই হাজাৰৰো অধিক ভূমিক সামৰি জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠি কৰ্মমুখী যাত্ৰাৰে আত্মনিৰ্ভৰশীল অসম গঢ়াত অৰহিণা যোগোৱা 'কন্যকা'ৰ কৃষিকৰ্মক ভূয়সী প্ৰশংসা কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
ৰাজ্যপালে কন্যকাৰ গোশালা, নাৰ্ছাৰী, কণী উৎপাদন কেন্দ্ৰ তথা বিভিন্ন কৃষিকৰ্ম, ফাৰ্ম আদিও পৰিদৰ্শন কৰে । এই কাৰ্যসূচীত চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু যুৱ উদ্যোগী নিৰজ নিচিম হাজৰিকাই ৰাজ্যপালগৰাকীক সংগ দিয়ে ।