মৰাণ, ৫ ফেব্ৰুৱাৰী : সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ । চৰাইদেউৰ চলাপথাৰত আয়োজিত পয় লেং উৎসৱত আনুষ্ঠানিকভাৱে শেষকৃত্য সম্পন্ন কৰা হয় উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ ।
এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । আনহাতে, পয় লেঙত উপস্থিত হৈ ৰথ টানে মন্ত্ৰী বিমল বড়া, যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ আগষ্টত পৰিনিৰ্বাণ ঘটা ডঃ শাসনবংশ মহাথেৰ ভান্তেক শ্ৰদ্ধা নিবেদন কৰিবলৈ চৰাইদেউ চলাপথাৰ শ্যামগাঁৱত শনিবাৰৰ পৰা আৰম্ভ হয় 'পয় লেং' উৎসৱ ।
উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু তথা আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক, পালিভাষা, বৌদ্ধ-ধৰ্মৰ পণ্ডিতপ্ৰৱৰ, সাহিত্যিক, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ পৰিনিৰ্বাণপ্ৰাপ্তি উপলক্ষে অন্তিম পবিত্রময় পালনীয় 'পয় লেং' (ৰথোৎসৱ) অনুষ্ঠানটি শনিবাৰৰ পৰা আৰম্ভ হয় । বিশেষ পদ্ধতিৰে সংৰক্ষিত ভান্তেৰ নশ্বৰ দেহ বিশেষ অনুষ্ঠানৰ জৰিয়তে আৰম্ভণিৰ দিনা সু-সজ্জিত ৰথত তোলাৰ পাছত সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে সৎকাৰ কৰা হয় ।