অসম

assam

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:48 PM IST

ETV Bharat / state

ভাৰত ত্যাগ দিৱসত মুক্তিযোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা - Quit India Movement

Freedom fighters of Jorhat : আজিৰ দিনটোত দেশজুৰি উদযাপন কৰা হয় ভাৰত ত্যাগ আন্দোলন দিৱস । ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটতো ভাৰত ত্যাগ আন্দোলনৰ অংশগ্ৰহণকাৰীসকলক স্মৰণ কৰা হয় ।

Freedom fighters of Jorhat
ভাৰত ত্যাগ আন্দোলন দিৱস (ETV Bharat Assam)

যোৰহাট, ৯ আগষ্ট:যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে মুক্তিযোদ্ধা ভৱনৰ দেশনেতা কুলধৰ চলিহা সভাগৃহত অনুষ্ঠিত হয় ১৯৪২ চনৰ 'ভাৰত ত্যাগ দিৱস' । দেশৰ স্বাধীনতা আন্দোলনত অসম তথা যোৰহাটৰ পৰা জঁপিয়াই পৰা মুক্তিযোদ্ধা সকলক আজিৰ দিনটোত যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনে স্মৰণ কৰে । সেই অনুসৰি এই দিৱসৰ লগত সংগতি ৰাখি মুক্তি যুঁজাৰু আৰু প্ৰয়াত মুক্তি যুঁজাৰু সকলৰ পত্নী তথা পৰিয়ালৰ লোকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ইতিহাস কেতিয়াও সাধু কথা নহয় :

যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি গিৰিশ চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট ইতিহাসবিদ তথা লেখক তুফেল জিলানীয়ে কয়," ইতিহাসক স্মৰণ কৰাটো এটা জীয়া জাতিৰ উদাহৰণ । যি জাতিয়ে নিজৰ ইতিহাস সম্পৰ্কে নাজানে বা স্মৰণ নকৰে,তেনে জাতিৰ উন্নয়নৰ গতিপথ স্তব্ধ কৰি তোলে । পৃথিৱীৰ বহু উন্নত জাতিয়ে তেওঁলোকৰ ইতিহাসক স্মৰণ কৰাৰ লগতে ইতিহাস সম্পৰ্কে চৰ্চা কৰে । ইতিহাস কেতিয়াও সাধু কথা হ'ব নোৱাৰে । বহু সময়ত সাধু কথা এটাক ইতিহাসৰ ৰূপ দিবলৈ চেষ্টা কৰা হয় । ই কেৱল ইতিহাস অধ্যয়নক বিপথে পৰিচালিত কৰে । ইতিহাসৰ তথ্য দিলে তাৰ উৎস দিয়াৰ প্ৰয়োজন আছে । "

লেখক তুফেল জিলানীয়ে পুনৰ কয়," ভাৰত ত্যাগ আন্দোলনত যোৰহাটৰ অৱদান সম্পৰ্কে বহু আলোচনা ইতিমধ্যেই বিভিন্ন স্তৰত হৈছে । বহু গুৰুত্বপূৰ্ণ গ্ৰন্থত এই সম্পৰ্কে প্ৰকাশ হৈছে । ১৮২৬ চনত অসম ব্ৰিটিছৰ অধীনলৈ গ'ল । আহোম ৰাজত্বকালৰ পৰাই ভাৰত ত্যাগ আন্দোলনলৈকে সকলো ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কেন্দ্ৰ আছিল যোৰহাট । মানৰ আক্ৰমণত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল যোৰহাট । যোৰহাটৰ মানুহে চহৰ এৰি হাবিত আশ্ৰয় লৈছিল । ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত শাসন ব্যৱস্থাৰ সংস্কাৰ কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল ব্ৰিটিছে । কিন্তু তাৰ দুটা বছৰ পাছতেই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমখন সংগ্ৰাম ঘোষণা কৰিছিল যোৰহাটৰ পৰাই গোমধৰ কোঁৱৰে ।"

যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক ধীৰেন্দ্ৰ কুমাৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা তথা আঁতধৰা অনুষ্ঠানটোত কেইবাগৰাকীও মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত প্ৰমুখ্যে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী ড৹ পৰাণ বৰুৱা আদিয়ে ।

লগতে পঢ়ক:নলবাৰীত কংগ্ৰেছৰ ভাৰত ত্যাগ আন্দোলনৰ ৰোমন্থন - Quit India Movement

লখিমপুৰত ভাৰত ত্যাগ আন্দোলন ৰোমন্থন কংগ্ৰেছৰ - Quit India Movement

ABOUT THE AUTHOR

...view details