ৰঙিয়া, 29 মে’ :চৰকাৰী চাকৰিলৈ কাৰণো মন নাযায় ? তাৰ উপৰি কোনোবাই যদি নিজেই যদি কোনোবাই চৰকাৰী চাকৰি যাচে তেনেহ’লে মন মেলাটো স্বাভাৱিক ৷ কিন্তু এষাৰ কথা আছে সহজে একো নাপায় ৷ আপোনাকো যদি কোনো লোকে চৰকাৰী চাকৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে তেন্তে বাৰম্বাৰ ভাৱক ৷ আপুনিও চিকাৰ হ’ব পাৰে কোনো প্ৰৱঞ্চকৰ ৷
এইবাৰ ৰঙিয়াৰ তৰণীত চাকৰিৰ নামত প্ৰলোভন দি লোকক ঠগি ধন সৰকোৱাৰ অভিযোগত এটা প্ৰৱঞ্চকক উত্তম-মধ্যম সোধাইছে স্থানীয় ৰাইজে । ৰাইজৰ উপস্থিতত ৰাজহুৱা শাস্তি প্ৰদান ৰঙিয়াৰ তাতিপাৰাৰ প্ৰৱঞ্চক ৰবিন বৈশ্যক । চাকৰিৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকটোক চাৰিওফালৰ পৰা ঘেৰি ধৰি কৰায়ত্ত্ব কৰে ৰাইজে । তাৰ পিছতে প্ৰৱঞ্চকটোৰ ওপৰত পৰিল চৰ, ভুকু, গোৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি, চাকৰিৰ দিয়াৰ নামত কেইবাজন লোকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে প্ৰৱঞ্চক ৰবিন বৈশ্য । প্ৰৱঞ্চকটোৱে কিছুদিন পূৰ্বে জল সম্পদ বিভাগৰ চাকৰিৰ লোভ দেখুৱাই কেইবাজনো লোকৰ পৰা 50 হাজাৰকৈ ধন সৰকাবলৈ চেষ্টা চলাইছিল । প্ৰৱঞ্চকটোৱে প্ৰতিজন লোকৰ পৰা এটাকৈ চাকৰিৰ বিনিময়ত পঞ্চাশ হাজাৰ টকাকৈ ধন প্ৰথম কিষ্টিত দাবী কৰিছিল ।