ধুবুৰী, ২৩ আগষ্ট : ধুবুৰীত চাকৰি প্ৰদানৰ নামত চলিছে বৃহৎ ক'লা বজাৰ । চাকৰিৰ বাবে হাবাথুৰি খাই থকা একাংশ নিবনুৱাৰ পৰা প্ৰৱঞ্চকে লুটিছে লাখে লাখে টকা । চাকৰিত নিযুক্তি প্ৰদানৰ নামত প্ৰৱঞ্চকে নিবনুৱা যুৱক-যুৱতীৰ পৰা সৰকাইছে বৃহৎ ধন । বঞ্চনাৰ বলি হোৱা ভুক্তভোগীয়ে তুলিছে এই অভিযোগ ৷
ধুবুৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক (ETV Bharat Assam) এক কথাত যেন টকা দিয়ক, চাকৰি লওক । ইফালে ধনৰ বিনিময়ত চাকৰিৰ নিযুক্তি-পত্ৰ লাভ কৰিও হাহাকাৰ কৰিবলগীয়া হৈছে শতাধিক যুৱক-যুৱতীয়ে । কিয়নো নিযুক্তি পত্ৰ হাতত আছে, প্ৰশিক্ষণো গ্ৰহণ কৰিছে- কিন্তু যোগদান কৰিবলৈহে নিৰ্ধাৰিত চাকৰিটো নাই ।
উল্লেখ্য যে ধুবুৰীত কেন্দ্ৰীয় জি এছ টি কাৰ্যালয়ত চাকৰি প্ৰদানৰ নামত শতাধিক যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰিছে এজন প্ৰৱঞ্চকে । আনহাতে, ধন আদায় দিয়া যুৱক-যুৱতীসকলক নিযুক্তি-পত্ৰও প্ৰেৰণ কৰিছে । কিন্তু সেই নিযুক্তি-পত্ৰ প্ৰকৃততে ভুৱা ।
এই সন্দৰ্ভত এগৰাকী ভুক্তভোগী যুৱতীয়ে কয়, "আমাক চেণ্ট্ৰেল জি এছ টিত চাকৰি দিম বুলি টকা লৈছিল । আমাক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল । আনকি তেওঁৰ ঘৰত মাতি প্ৰশিক্ষণো দিছিল । কিন্তু পিচত সদায় যোগদানৰ তাৰিখ পিছুৱাই আছিল । যোৱা ২০ তাৰিখে আমাৰ নিযুক্তি হ'ব বুলি কৈছিল, কিন্তু নহ'ল । ২১ তাৰিখেও নহ'ল । তাৰ পিচত আমি গম পালোঁ এই নিযুক্তি-পত্ৰ ভুৱা । আমাক প্ৰৱঞ্চনা কৰিছে ।"
চাকৰিত নিযুক্তিৰ নামত প্ৰৱঞ্চনাৰে ধন গোটোৱা এই প্ৰৱঞ্চকটোৰ নাম হৈছে ৰোহিত সৰকাৰ । ইতিমধ্যে ভুক্তভোগী যুৱক-যুৱতীসকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে । অভিযোগ অনুসৰি, চাকৰি দিয়াৰ নামত শতাধিক যুৱক-যুৱতীৰ পৰা প্ৰৱঞ্চক ৰোহিত সৰকাৰে ৫-১০ হাজাৰ টকালৈকৈ সংগ্ৰহ কৰিছিল ।
কেৱল ধন সংগ্ৰহ কৰাই নহয়, তেওঁলোকক প্ৰদান কৰিছিল ভুৱা নিযুক্তি পত্ৰও । তেওঁলোকক ধুবুৰী কেন্দ্ৰীয় জি এছ টিৰ কাৰ্যালয়ত গৈ চাকৰিত যোগদান কৰিবলৈ কৈছিল । সেইমৰ্মে নিযুক্তি-পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলে বৃহস্পতিবাৰে চাকৰিত যোগদান কৰিবলৈ গৈ নিযুক্তি-পত্ৰখন ভুৱা বুলি জানিব পাৰে । তাৰ পিচতে যুৱক-যুৱতীৰ দলটোৱে প্রৱঞ্চক ৰোহিত সৰকাৰৰ আৰ কে মিছন ৰোডস্থিত বাসগৃহত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
ইয়াৰ পৰৱৰ্তী সময়ত ধুবুৰী কলেজ নগৰ আৰক্ষী উপস্থিত হৈ প্ৰৱঞ্চক ৰোহিত সৰকাৰক আটক কৰি থানালৈ লৈ যায় । ইফালে প্ৰৱঞ্চক ৰোহিত সৰকাৰৰ বাসগৃত বহু ভুৱা নিযুক্তি-পত্ৰ, চৰকাৰী ছীল-মোহৰ আদিও আৰক্ষীয়ে উদ্ধাৰ কৰে ।