গোলাঘাট, ৬ অক্টোবৰ:গোলাঘাট জিলাত দেওবাৰৰ দিনটো সংঘটিত হয় দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা দুটাত চাৰিজনকৈ লোকে অকাল মৃত্যুক সাৱটি লয় ৷ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । দেওপাহাৰৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে দুগৰাকী অভিযন্তা আৰু এগৰাকী ঠিকাদাৰে । নিহতসকল নিশা ক'ৰ পৰা কেনেকৈ আহি দুৰ্ঘটনাত পতিত হয় সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । ইপিনে, গোলাঘাটৰ নামবৰ বনাঞ্চলত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক হাৰমিৎ সিং থিতাতে নিহত হয় ।
- গছত খুন্দিয়াই পথৰ দাঁতিত বাগৰিল বাহন
ঘটনাৰ বিৱৰণি অনুসৰি AS 19 P 9506 নম্বৰৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে । এই দুৰ্ঘটনাটোত তিনিগৰাকী লোক থিতাতে নিহত হয় । নিহতসকল হৈছে নগাঁৱৰ দেৱজিৎ বৰদলৈ, জাগীৰোডৰ পাৰ্থ প্ৰতিম বাংখাই আৰু নুমলীগড়ৰ ৰংবঙৰ বিৰিঞ্চি বৰা । আনহাতে, এই ঘটনাত আহত দুজন হৈছে ভৃগু শৰ্মা আৰু কল্পজ্যোতি শইকীয়া । এওঁলোকৰ ভিতৰত দেৱজিৎ আৰু অনুপ নুমলীগড় শোধনাগাৰৰ পি কে কনষ্ট্ৰাকচনৰ অভিযন্তা আছিল । আনহাতে, নিহত বিৰঞ্চি বৰা আছিল ঠিকাদাৰ ।
ঘটনাস্থলীত নুমলীগড় থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ আহত দুজনক নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
- নামবৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালেঅধ্যাপকে