অসম

assam

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 11:02 PM IST

ETV Bharat / state

খ্ৰীষ্টিয়ান মিছনেৰীলৈ সত্যৰঞ্জন বৰাৰ ৪ টা মুকলি প্ৰশ্ন ! - Satyaranjan Bora

Satyaranjan Bora: খ্ৰীষ্টিয়ান মিছনেৰীৰ বিৰুদ্ধে সৰৱ সত্যৰঞ্জন বৰা । সংবাদমেলযোগে বিছ'পচ্ কনফাৰেন্স অৱ ইণ্ডিয়ালৈ চাৰিটা প্ৰশ্ন সত্যৰঞ্জন বৰাৰ । কি এই চাৰিটা প্ৰশ্ন ?

Four Open Questions by Satyaranjan Bora to Christian Missionaries
খ্ৰীষ্টিয়ান মিছনেৰীলৈ সত্যৰঞ্জন বৰাৰ ৪ টা মুকলি প্ৰশ্ন

খ্ৰীষ্টিয়ান মিছনেৰীলৈ সত্যৰঞ্জন বৰাৰ ৪ টা মুকলি প্ৰশ্ন

বৰপেটাৰোড,৯ এপ্ৰিল: খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈ পৰে হিন্দুত্ববাদী নেতা তথা কুটুম্ব সুৰক্ষা পৰিষদৰৰ সভাপতি সত্যৰঞ্জন বৰা ৷ মঙলবাৰে হিন্দু সুৰক্ষা সেনা, অসম আৰু কুটুম্ব সুৰক্ষা পৰিষদৰ যৌথ উদ্যোগত বৰপেটাৰোড প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই কয় যে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহে পদ্ধতিগতভাৱে ভাৰতীয় সংবিধান অমান্য কৰি খ্ৰীষ্টিয়ান ধৰ্মীয় আচৰণ, চিন্তা, দৰ্শন আদি মুকলিকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে ।

কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় সনাতনী চিন্তা, আস্থা, জীৱনশৈলী আদিৰ প্ৰতি দেখুওৱা চৰম অনিহা দেখুৱাই আহিছে বুলি অভিযোগ উত্থাপন কৰি সত্য আৰু শুদ্ধভাবে ভাৰতীয় মূল চৰিত্ৰ অটুট ৰাখি শিক্ষা প্ৰদান নকৰাৰ বাবে সত্যৰঞ্জন বৰাই প্ৰতিবাদ কৰি আহিছে ৷ যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ দিছপুৰত আয়োজিত এক সংবাদমেলত কুটুম্ব সুৰক্ষা পৰিষদে খ্রীষ্টিয়ান মিছনেৰী সকললৈ ১৫ দিনৰ বিশেষ সময়সীমা বান্ধি দিছিল ।

অৱশ্যে, পৰীক্ষা আৰু নিৰ্বাচনৰ বাবে যদিও তেওঁলোকৰ সঁহাৰি অহাতো কিছু পলম হ'লেও তেওঁলোকক ধন্যবাদ জনায় হিন্দুত্ববাদী নেতা গৰাকীয়ে । শেহতীয়াকৈ প্ৰকাশ কৰা নিৰ্দেশাৱলীখনে সত্যৰঞ্জন বৰাৰ প্রতিবাদ খ্ৰীষ্টিয়ান মিছনেৰী সকলে যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা বুলিও উল্লেখ কৰি কেথলিক বিছ'পচ্ কনফাৰেন্স অৱ ইণ্ডিয়াৰ পৰা কেইটামান বিষয়ত বিশেষভাবে জানিব বিচাৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷

খ্ৰীষ্টিয়ান মিছনেৰীৰ সৰ্বোচ্চ কমিটিলৈ কুটুম্ব সুৰক্ষা পৰিষদ আৰু হিন্দু সুৰক্ষা সেনাৰ পত্ৰত উল্লেখিত পাঁচোটাকৈ গুৰুত্বপূৰ্ণ বিষয় সমূহৰ ভিতৰত প্ৰথমে কেথলিক বিছপচ কনফাৰেন্স অৱ ইণ্ডিয়াই তেওঁলোকৰ নিৰ্দেশাৱলীখনত উল্লেখ কৰাৰ দৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহৰ স্বৰূপ আৰু আকাৰ কেনে ধৰণৰ হ'ব সেই বিষয়ে মুকলিকৈ জনাবলৈ আহ্বান জনায় ।

দ্বিতীয়তে নিৰ্দেশাৱলীখনৰ মতে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহে আহি থকা দিনত খ্রীষ্টিয়ান ধর্মীয় বিশেষ কৰ্মবোৰ কৰাৰ পৰা বিৰত থাকিব বুলি কৈছে । তাৰমানে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) ৰ আধাৰত তেওঁলোকে পূৰ্বতে কোৱাৰ দৰে তেওঁলোকে শিক্ষানুষ্ঠানৰ চৌহদৰ পৰা গীর্জা, শিক্ষকৰ ধৰ্মীয় সাজপাৰ আদি বৰ্জন কৰিবনে বুলি প্ৰশ্ন কৰে । শনিবৰীয়া বিশেষ বাইবেল শিক্ষা বন্ধ কৰিবনে বুলি কৈ তেওঁ এনেধৰণৰ কথাবোৰ তেওঁলোকে মুকলি কৰিবলৈ আহ্বান জনায় ।

বিগত দিনবোৰত যিদৰে খ্ৰীষ্টিয়ান নোহোৱা ৯৫% ছাত্ৰ-ছাত্ৰীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছিল ৷ অনাগত দিনত তেনে কোনোধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ কেথলিক বিছ'পচ্ কনফাৰেন্স অৱ ইণ্ডিয়াই কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰশ্ন কৰে ৷ খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত অসমীয়া তথা স্থানীয় ভাষা, সংস্কৃতি, লোকবিশ্বাস আদিক সন্মান প্রদর্শন কৰি সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কেথলিক বিছ'পচ্ কনফাৰেন্স অৱ ইণ্ডিয়াই উদ্যোগতাসকলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই বিষয়েও মুকলি কৰিবলৈ সংবাদমেলৰ জৰিয়তে কেথলিক বিচপচ কনফাৰেন্স অৱ ইণ্ডিয়াক পত্রযোগে অৱগত কৰোৱা বুলি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানত থাকিব সৰ্বধৰ্মীয় প্ৰাৰ্থনাগৃহ - Satyaranjan Bora

ABOUT THE AUTHOR

...view details