গুৱাহাটী : ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পাছতে কেতবোৰ দিশ উন্মোচিত হৈছিল । বিশেষকৈ শিক্ষাসেতু এপ প্ৰৱৰ্তন হোৱাৰ পাছতে বহু অনিয়ম পোহৰলৈ আহিছিল । লক্ষণীয় বিষয় যে চৰকাৰী শিক্ষানুষ্ঠানসমূহত বহুসংখ্যক ভুবা শিক্ষাৰ্থী থকাৰ দীৰ্ঘদিনীয়া অভিযোগৰ তথ্যভিত্তিক সত্যতা 'শিক্ষাসেতু' এপৰ যোগেদি প্ৰমাণিত হৈছিল ।
অসমৰ চৰকাৰী বিদ্যালয়সমূহত লাখ লাখ অস্তিত্বহীন শিক্ষাৰ্থী থকাৰ কথাটো ধৰা পেলাইছিল শিক্ষাসেতু এপে । এই অস্তিত্বহীন তথা অশৰীৰী শিক্ষাৰ্থীৰ নামত ইমানদিনে চলি আহিছিল কোটি কোটি টকাৰ লুণ্ঠন ।
- শিক্ষাসেতুৰ পৰা আঁতৰিল ৪ লাখ অশৰীৰী শিক্ষাৰ্থী :
শিক্ষাসেতু এপৰ যোগেদি লাভ কৰা তথ্যৰ ভিত্তিত বিদ্যালয় শিক্ষা বিভাগে প্ৰায় ৪ লাখ অশৰীৰী শিক্ষার্থীৰ নাম অৱশেষত শিক্ষাসেতু পটেলৰ পৰা আঁতৰাই দিলে । সমগ্ৰ শিক্ষা অসমে শেহতীয়াকৈ প্ৰকাশ কৰা ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে । প্ৰতিবেদনখনত শিক্ষাসেতু পটেলৰ এয়া এক সফলতা বুলি দাবী কৰা হৈছে ।
তদুপৰি গুণোৎসৱ অনুষ্ঠিত কৰাৰ ফলত বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ বিষয়ে শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাই অৱগত হোৱাৰ পাছতো যোৱা বৰ্ষটোত কিমান শিক্ষানুষ্ঠানৰ অতিৰিক্ত শ্ৰেণী কোঠা, ছোৱালীৰ টয়লেট আদি নির্মাণ, মেৰামতি কৰা হ'ল তাৰো খতিয়ান প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ।
- গুণোৎসৱৰ পূৰ্বে প্ৰকাশ সমগ্ৰ শিক্ষাৰ বাৰ্ষিক প্ৰতিবেদন :
উল্লেখ্য যে অহা ৬ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব । গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পূৰ্বে সমগ্ৰ শিক্ষাই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন অনুসৰি চাৰি লাখ শিক্ষাৰ্থীৰ নাম শিক্ষাসেতু এপৰ পৰা আঁতৰোৱাৰ পাছত বৰ্তমানে ৰাজ্যৰ ৪৩,৮৩৯ খন বিদ্যালয়ত ৪৭,৮৭,৮৫৭ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । সেইদৰে ২,১০,৬০২ গৰাকী শিক্ষক আৰু ১৯,৬৩২ গৰাকী কৰ্মচাৰীক শিক্ষাসেতুত অন্তর্ভুক্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
- প্ৰতিবেদনৰ আন কেতবোৰ দিশ :
প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে সমগ্ৰ শিক্ষাই চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি আৰু ছুটীৰ বিষয়ে শিক্ষকলৈ এছ এম এছ প্ৰেৰণ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব । ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহে কৰা এই ব্যৱস্থাত সমগ্ৰ শিক্ষাই ভৱিষ্যতে প্ৰৱৰ্তন কৰিব । শিক্ষাসেতু পৰ্টেলৰ দ্বাৰা শিক্ষকসকলৰ সেৱাৰ ৰেকৰ্ড ডিজিটেল পদ্ধতিত ধৰি ৰখাৰ সুবিধা কৰিব ।
প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে শিক্ষাসেতু পৰ্টেল প্ৰযোজ্য কৰাৰ পাছত বিদ্যালয়সমূহৰ দ্বাৰা ইউনিফৰ্ম আৰু বিনামূলীয়া পাঠ্যপুথিৰ আৱশ্যকতাৰ তথ্য আগতীয়াকৈ সমগ্ৰ শিক্ষা বা বিদ্যালয় শিক্ষা বিভাগে অৱগত হৈছে । শিক্ষা ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি, উৎকৃষ্ট শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষাসেতু পৰ্টেল এক মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
ইফালে গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিত থকা দুৰ্বলতাৰ দিশসমূহ বিভাগ বা সমগ্ৰ শিক্ষা অৱগত হৈছে । যাৰ ফলত ২০২৩-২৪ বৰ্ষত উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা ১৭খন বিদ্যালয়ৰ ভিতৰত ৬খনৰ উন্নীতকৰণ সম্পূৰ্ণ হ'ল ।
হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰিবলৈ ২৭খন বিদ্যালয়ক অনুমোদন দিয়া হৈছিল আৰু ইয়াৰে এখন বিদ্যালয় ইতিমধ্যে উন্নীতকৰণ সম্পন্ন হৈছে । একেটা বৰ্ষতে নতুনকৈ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ ৬খন বিদ্যালয় আৰু হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণৰ বাবে সমগ্ৰ শিক্ষাই অনুমোদন জনাইছে ।