অসম

assam

ETV Bharat / state

সীমান্ত পাৰ হৈ কেনেদৰে ভাৰতত অনুপ্ৰৱেশ কৰে বাংলাদেশীয়ে ? - Infiltration to India - INFILTRATION TO INDIA

Bangladeshi intruders: ভাৰতৰ পৰাই নিয়ন্ত্ৰিত হয় নেকি বাংলাদেশীয়ে চুবুৰীয়া দেশখনত প্ৰৱেশ কৰা পথৰ নীল নক্সা ? কেনেদৰে দালালে এই পথৰ সন্ধান দিয়ে বাংলাদেশীক ? সবিশেষ জানিবলৈ পঢ়ক...

brokers arrested in Karimganj
ভাৰতত অনুপ্ৰৱেশ কৰাত বাংলাদেশীক সহায় কৰা দালাল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 9:20 AM IST

কৰিমগঞ্জ, ২৪ ছেপ্টেম্বৰ: চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত অবৈধ বাংলাদেশীৰ প্ৰৱেশ হ্ৰাস পোৱা বুলি দাবী কৰিলেও এনে অনুপ্ৰৱেশ এতিয়াও চলি আছে । একাংশ দালালৰ সহযোগত ভাৰতত বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিয়েই আছে । বিগত কেইবাদিনত সীমান্তত আটক হোৱা অনুপ্ৰৱেশকাৰীৰ তথ্য়ই এই ছবিখন স্পষ্ট ৰূপত দাঙি ধৰিছে । ইয়াৰ মাজতেই বদৰপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই অবৈধ কাৰ্যৰে জড়িত ৪ কুখ্য়াত দালালক ।

দীর্ঘদিন দৰি অবৈধভাৱে বাংলাদেশীক ভাৰতত অনুপ্ৰৱেশ কৰোৱা ৪ কুখ্যাত দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই কেইটা কুখ্যাত দালালক । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ থানাৰ এটা আৰক্ষীৰ দলে অভিযান চলাই প্ৰথমে বদৰপুৰৰ কোনাপাড়া গাঁৱৰ জামিল আহমেদ মোনা (২৮) নামৰ কুখ্যাত দালালটোক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচতেই কাছাৰৰ খেলামা অঞ্চলৰ পৰা আৰু তিনিটা দালালক গ্ৰেপ্তাৰ কৰে । ধৃত দালাল কেইটা হৈছে মহববুল আলম (২৬) কপিল উদ্দিন (৪৬) আৰু টিটু ৰয় (২৫)।

ভাৰতত অনুপ্ৰৱেশ কৰাত বাংলাদেশীক সহায় কৰা দালাল (ETV Bharat Assam)

মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ

বদৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম অধিকাৰীয়ে এই সন্দৰ্ভত কয়, "দীৰ্ঘদিন ধৰি বাংলাদেশৰ পৰা মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অহা বাংলাদেশীক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ লগত জড়িত বদৰপুৰৰ কুখ্যাত দালাল জামিল আহমেদ মোনা, মহববুল আলম, কপিল উদ্দিন আৰু টিটু ৰয়ে । মেঘালয় সীমান্তৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কাছাৰ জিলা হৈ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে'ল জংচনৰ পৰা বাংলাদেশী নাগৰিকক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল দালাল কেইটাই ।"

  • তিনি বাংলাদেশ অনুপ্ৰৱেশকাৰীক আটক

সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে আৰু তিনিজন বাংলাদেশ অনুপ্ৰৱেশকাৰীক সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে । ভাৰত-বাংলাদেশ সীমান্তত আটক হোৱা এই তিনি অনুপ্ৰৱেশকাৰী হৈছে ক্ৰমে আনোৱাৰ হুছেইন, নাশ্ৰিন শ্বেখ আৰু বাবলি শ্বেখ ৷

উল্লেখ্য় যে যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে তিনি বাংলাদেশী নাগৰিকক চিনাক্ত কৰি নিজৰ দেশলৈ ওভতাই পঠিয়াইছিল । আনহাতে, ১১ ছেপ্টেম্বৰতো আৰক্ষীয়ে টয়ু শ্বেইখ নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰিছিল । আনহাতে যোৱা ১৭ ছেপ্টেম্বৰত অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৰাজ্যৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । যোৱা ১৯ ছেপ্টেম্বৰতো ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীয়ে কৰিমগঞ্জত চাৰিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰাৰ পিচতেই সীমান্ত পাৰ কৰাই বাংলাদেশলৈ ঘূৰাই পঠিয়ায় ।

লগতে পঢ়ক:সীমান্তৰে অসমত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত বাংলাদেশীৰ, শুকুৰবাৰেও জালত পৰিল দুগৰাকী - Bangladeshi intruders

জানুৱাৰীৰ পৰা সীমান্তত ৫৪ অবৈধ অনুপ্ৰৱেশকাৰীক আটক - Bangladeshi detained

ABOUT THE AUTHOR

...view details