গুৱাহাটী, ৭ ছেপ্টেম্বৰ: "অসমৰ চাৰিখন মুছলমান অধ্যুষিত জিলাত জনসংখ্যাতকৈ বেছিকৈ আধাৰ কাৰ্ড ওলাইছে । ধুবুৰী, বৰপেটা, নগাঁও আৰু মৰিগাঁও জিলাত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ওলাইছে ।" গুৱাহাটীত শনিবাৰে সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সন্দেহযুক্ত লোকে আধাৰ সংগ্ৰহ কৰিব পাৰে বুলি তেওঁ সদৰী কৰে । তেওঁ কয়, "বৰপেটাত ১০৩.৭৪ শতাংশ, ধুবুৰীত ১০৩.৪৮ শতাংশ, মৰিগাঁৱত ১০১.৭৪ শতাংশ আৰু নগাঁৱত ১০১.৬৮ শতাংশ আধাৰ কাৰ্ড পোৱা গৈছে ।"
মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত কয়, "এইবাবেই ৰাজ্য চৰকাৰে আধাৰ নতুনকৈ দিয়াৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাপ্তবয়স্কসকলক আধাৰ দিয়াৰ ক্ষেত্ৰত নিয়ম কঠোৰ কৰিব । এন আৰ চিত আবেদন নকৰাসকলে আধাৰ নাপায় । নতুন আধাৰ দিয়াৰ ক্ষেত্ৰত পৰীক্ষা কৰা হ’ব । অহা অক্টোবৰৰ পৰা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আধাৰ পোৱা টান হ'ব । এইক্ষেত্ৰত চাহ বাগিচাক বাদ দিয়া হ’ব । আধাৰ লাগিলে এন আৰ চিৰ আবেদনৰ নম্বৰ দিব লাগিব । এইক্ষেত্ৰত চৰকাৰে নতুন এছ অ’ পি প্ৰস্তুত কৰিব ।"
অসম চৰকাৰে পুনৰ আৰম্ভ কৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া: