ডিব্ৰুগড়, ২৭ জুলাই : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে ।
কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও বাস্তৱত আজিও চৰকাৰৰ অভালাষী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই চাহ শ্ৰমিকসকলক । চাহ শ্ৰমিকৰ সমস্যাক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ সংবাদমেল ।
ডিব্ৰুগড়ৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । সংবাদমেলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘শেহতীয়াকৈ অসমৰ চাহ বাগিচাসমূহ অতি সংকটৰ দিশে আগবাঢ়িছে । ৰাজ্যৰ এখনৰ পিচত আন এখন বাগিচা বিক্ৰী হৈছে । চাহ বাগিচাৰ লগত কোনো সম্পৰ্ক নথকা, চাহ বাগিচাৰ জ্ঞান নথকা ব্যক্তিসকলে বাগিচা ক্ৰয় কৰিছে । যাৰ ফলত বাগিচাৰ শ্ৰমিকসকলৰ বিপৰ্যয় হৈছে । সেয়ে বাগিচা ক্ৰয় কৰাৰ আগত ক্ৰয় কৰিব বিচৰাজনৰ সৈতে চৰকাৰে চুক্তিবদ্ধ কৰিব লাগে ৷’’
আনহাতে অসম চাহ নিগমক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, ‘‘ চাহ নিগমৰ অধীনত থকা চাহ বাগিচাসমূহৰ অৱস্থা দিনক দিনে বেয়া হৈছে । জীৱন বীমা, শ্ৰমিকৰ দৰমহা আদি প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বাগিচাৰ মালিক । নূন্যতম ২৫০ টকা শ্ৰমিকৰ মজুৰি প্ৰদান কৰিব পৰা নাই চৰকাৰী চাহ বাগিচাসমূহত ৷ ইয়াৰ বিপৰীতে কোম্পানী বা ব্যক্তিগত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ২৫০ টকা প্ৰদান কৰিছে ।’’