অসম

assam

ETV Bharat / state

নাইকীয়া হ’ল প্ৰাক্তন আছু নেতা লিখন: আলফা(স্বা)লৈ গ’ল নেকি !

চাৰি পৃষ্ঠাৰ এখন চিঠি ৷ এই চিঠিখনেই এতিয়া হাহাকাৰ লগাইছে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লাহোৱাল সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লিখন বৰুৱাৰ পৰিয়ালত ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Likhon Boruah is missing
প্ৰাক্তন আছু নেতা লিখন বৰুৱা (ETV Bharat Assam)

ডিব্ৰুগড়, ১৭ অক্টোবৰ:সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা ২০২১ৰ বিধানসভা নিৰ্বাচনত লাহোৱাল সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা লিখন বৰুৱাই চাৰি পৃষ্ঠাৰ চিঠি লেখি নিজা ঘৰৰ পৰা নিৰুদ্দেশ হৈছে ।

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ নিজা গৃহৰ পৰা প্ৰায় ১০ দিন পূর্বে নিৰুদ্দেশ হয় লিখন বৰুৱা । আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি লিখন বৰুৱাই আলফা(স্বাধীন)ত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালে ৷

লিখন বৰুৱাৰ আত্মীয় (ETV Bharat Assam)

লগতে পঢ়ক:আজিও সন্ধানহীন ৰমেন বৰুৱা: বাসগৃহত ৰৈ মুখ্য়মন্ত্ৰীয়ে ক’লে এতিয়া ভাগ্যত যি আছে সেয়াই হ'ব - Ramen Baruah missing

লিখন বৰুৱা নিজা ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ১০ দিনৰ পাছত আজি তেওঁৰ বিচনাৰ তুলিৰ তলৰ পৰা পৰিয়ালৰ লোকে চাৰি পৃষ্ঠাৰ চিঠিখন আৰু মাতৃৰ চিকিৎসাৰ বাবে বুলি থৈ যোৱা কিছু টকা লাভ কৰে ৷ এই চিঠিখন উদ্ধাৰ হোৱা পাছতেই তেওঁ আলফা(স্বাধীন)ত যোগদান কৰা নিশ্চিত বুলি চৰ্চা চলিছে ৷

লিখন বৰুৱাৰ পত্ৰ (ETV Bharat Assam)

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা ৯ অক্টোবৰত নিজৰ কাপোৰ লৈ লিখন ঘৰৰ পৰা ওলাই গৈছিল । ঘৰৰ পৰা যোৱা কেইটামান দিনৰ পূৰ্বে তেওঁ নিজৰ পুৰণি গাড়ীখন বিক্ৰী কৰিছিল আৰু এখন নতুন গাড়ী বুকিং কৰিছিল ।

লিখন বৰুৱাৰ পত্ৰ (ETV Bharat Assam)

পৰিয়ালৰ লোকে তেওঁ নতুন গাড়ী ল'বলৈ গুৱাহাটীলৈ যোৱা বুলি ভাবিছিল যদিও আজি চাৰি পৃষ্ঠাৰ চিঠিখন উদ্ধাৰ কৰাৰ পাছতেই হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে পৰিয়ালৰ মাজত । ইতিমধ্যে চিঠি উদ্ধাৰ হোৱা পাছতেই স্থানীয় আৰক্ষীক সমগ্ৰ বিষয় অৱগত কৰিছে পৰিয়ালে ।

লিখন বৰুৱাৰ পত্ৰ (ETV Bharat Assam)

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰ নৈত জাপ দি সন্ধানহীন যুৱক - Youth drowned in Brahmaputra

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াতো এইগৰাকী নেতাই শক্তিশালীভাৱে নেতৃত্ব প্ৰদান কৰি বৰ্তমানেও অসম জাতীয় পৰিষদৰ শক্তিশালী নেতা হিচাপে সাংগঠনিক কাম কৰি আহিছিল । তেনেস্থলত লিখন বৰুৱা নিৰুদ্দেশ হৈ থকা ঘটনাই বহুতকে চিন্তিত কৰিছিল যদিও আজি চাৰি পৃষ্ঠাৰ চিঠি উদ্ধাৰ হোৱাত সকলোকে আচৰিত কৰি তুলিছে ।

ABOUT THE AUTHOR

...view details