নগাঁও, 23 জুন:দেওবাৰে নগাঁও প্ৰেছ ক্লাবৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় । শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে । নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত হোৱা দ্বি-বাৰ্ষিক সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক অজিত কুমাৰ শইকীয়াই ।
ইয়াৰ পাচতে সাধাৰণ সম্পাদক অজিত কুমাৰ শইকীয়াই দাখিল কৰা সম্পাদকীয় প্ৰতিবেদনৰ লগতে বিগত দুবছৰীয়া কাৰ্যকালৰ বিত্তীয় প্ৰতিবেদন সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয় । উক্ত সভাত নগাঁও প্ৰেছ ক্লাবৰ সংবিধানৰ কেইবাটাও ধাৰাৰ সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
নগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টাদ্বয় কনক হাজৰিকা আৰু শৈলেন শইকীয়া উপস্থিত থকা সাধাৰণ সভাখনত প্ৰেছ ক্লাবৰ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে ভালেকেইগৰাকী সদস্যই বিভিন্ন বিষয়ত মত পোষণ কৰে । ইয়াৰ পাচতে আগন্তুক দুটা বৰ্ষৰ কাৰ্যকালৰ বাবে অনুষ্ঠিত বিষয় বাছনি সভাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি পদত জিতেন বৰকটকী আৰু সাধাৰণ সম্পাদকৰ পদত নীলোৎপল বৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।