ডিব্ৰুগড়:আহোম জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ সংগঠন হ'ল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা । আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে সংগঠনটোৱে । আহোম জনগোষ্ঠীটোৰ ৰাইজৰ অধিকাৰক লৈ সংগ্ৰামী ধাৰা অব্যাহত ৰখা টাই আহোম যুৱ পৰিষদে সামগ্ৰিকভাৱে অসমৰ প্ৰতিটো সমস্যা সমাধানৰ বাব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
১৯৯৫ চনৰ ১৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা বলিষ্ঠ সংগ্ৰামী সংগঠনটোৱে ৩০ টা বছৰ অতিক্ৰম কৰিলে । যোৱা ৩ জানুৱাৰীৰ পৰা টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন ঐতিহাসিক চৰাইদেউৰ ভজো মাজপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
অধিৱেশনস্থলীত গ্ৰন্থমেলা, বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলা আৰু বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে । ইয়াৰ মাজতে শনিবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় অধিৱেশনস্থলীতে সংগঠনটোৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা । দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী হিচাপে পুৱতি নিশা লৈকে অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।
- ৫১ জনীয়া নতুন সমিতি গঠন:
সোণাৰিৰ ভজো মাজপথাৰত অনুষ্ঠিত হোৱা টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন শনিবাৰে নিশা অনুষ্ঠিত হৈছিল । এই প্ৰতিনিধি সভাতেই সংগঠনৰ নেতৃত্ব ল'বলগা নতুন নেতৃত্ব বাচনি কৰে । ৰাজ্যখনৰ জিলা আৰু মহকুমা ধৰি মুঠ ১৭ খন সমিতিৰ প্ৰতিনিধিয়ে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছিল ।