অসম

assam

ETV Bharat / state

অসম বিজেপিত গুৰুত্বহীন হ'লেও প্ৰধানমন্ত্ৰীয়ে পাহৰা নাই ৰাজেন গোহাঁইক ! - ASSAM BJP LEADER RAJEN GOHAIN

অসম বিজেপিত কিয় কমিছে ৰাজেন গোহাঁইৰ গুৰুত্ব ? ৰমেন ডেকা ৰাজ্যপাল হ'ল, ৰাজেন গোহাঁই নগাঁৱতে থাকি গ'ল কিয় ?

ASSAM BJP LEADER RAJEN GOHAIN
অসম বিজেপিত গুৰুত্বহীন হলেও প্ৰধানমন্ত্ৰীয়ে পাহৰা নাই ৰাজেন গোহাঁইক ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 8:42 PM IST

Updated : Nov 28, 2024, 9:16 PM IST

নগাঁও:ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই । অসম বিজেপিক জিৰ'ৰ পৰা হিৰ' কৰালৈকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এমুঠিমান নেতাৰ ভিতৰত আছিল নগাঁৱৰ ৰাজেন গোহাঁই । নগাঁও লোকসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ সাংসদ নিৰ্বাচিত হোৱাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীসভাতো স্থান লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী জ্যেষ্ঠ বিজেপি নেতা আজি উপেক্ষিত অসম বিজেপিত । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই ক্ৰমান্বয়ে অসম বিজেপিত গুৰুত্ব হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল ৰাজেন গোহাঁইৰ । পিছে অসম বিজেপিত গোহাঁইৰ গুৰুত্ব কমিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেন পাহৰা নাই ৰাজেন গোহাঁইক !

ৰাজেন গোহাঁইলৈ জন্মদিনৰ শুভেচ্ছাবাৰ্তা প্ৰধানমন্ত্ৰীৰ :

গোহাঁইলৈ প্ৰধানমন্ত্ৰীয়ে পঠিওৱা জন্মদিনৰ শুভেচ্ছাবাৰ্তা (ETV Bharat Assam)

দীৰ্ঘদিনৰ অন্তত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইলৈ এক শুভেচ্ছা বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । আচলতে ২৬ নৱেম্বৰত আছিল গোহাঁইৰ জন্মদিন । জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ পৰা শুভেচ্ছাবাৰ্তা লাভ কৰিলেও যেন অসন্তুষ্টি থাকি গ'ল ৰাজেন গোহাঁইৰ । কাৰণ অসম বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইক এবাৰ জন্মজিনৰ শুভেচ্ছা দিবলৈয়ো আহৰি নহ'ল অসম বিজেপিৰ । প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা লাভ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসম বিজেপিয়ে উপেক্ষা কৰা সন্দৰ্ভত কিছু অসন্তুষ্টি থকাটো স্বাভাৱিক বুলি ই টিভি ভাৰতক জানিবলৈ দিয়ে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰে ঘনিষ্ঠ সূত্ৰই । বিভিন্ন কাৰণত অসম বিজেপিত গুৰুত্ব হ্ৰাস পোৱা ৰাজেন গোহাঁইক অসম বিজেপিয়ে গুৰুত্ব নিদিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি যেন প্ৰমাণ কৰিলে আজিও দিল্লীয়ে পাহৰা নাই গোহাঁইক ।

অসম বিজেপিত কিয় উপেক্ষিত ৰাজেন গোহাঁই:

একেৰাহে চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ক্ৰমাৎগুৰুত্বহীন হৈ পৰিছে অসম বিজেপিত । অসম বিজেপিত ৰাজেন গোহাঁইৰ গুৰুত্ব হ্ৰাস হোৱাৰ কাৰণসমুহ জনাৰ পূৰ্বে জানি লওঁ আহক গোহাঁইৰ ৰাজনৈতিক ইতিহাস ।

১৯৯৮: ১৯৯৮ চনত অনুষ্ঠিত লোকসভাৰ মধ্যকালীন নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰাজেন গোহাঁই । কিন্তু সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী নৃপেন গোস্বামীৰ হাতত পৰাজিত হৈছিল তেওঁ । প্ৰথমটো নিৰ্বাচনত গোহাঁইয়ে ২,২৯,৬৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নৃপেন গোস্বামীয়ে ২,৬৭,৪৪৮ টা ভোট লাভ কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।

১৯৯৯: মাত্ৰ এটা বছৰ পাছতেই অৰ্থাৎ ১৯৯৯ চনত অনুষ্ঠিত হোৱা দেশৰ সাধাৰণ নিৰ্বাচনত পুনৰ নগাঁও লোকসভা সমষ্টিৰ পৰাই বিজেপি দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হয় ৰাজেন গোহাঁই । ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত গোহাঁয়ে ৩,২৮,৮৬২ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ নৃপেন গোস্বামীয়ে লাভ কৰিছিল ২,৯৩,৪৩৩ টা ভোট । ৩৫ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হৈছিল ৰাজেন গোহাঁই ।

২০০৪: একেদৰে ২০০৪ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছৰ বিষ্ণুপ্ৰসাদক পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হৈছিল গোহাঁই । ২০০৪ চনৰ নিৰ্বাচনত গোহাঁয়ে ৩,৪২,৭০৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিষ্ণুপ্ৰসাদে ৩,১১,২৯২ টা ভোট লাভ কৰিছিল ।

২০০৯: ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছ প্ৰাৰ্থী অনিল ৰাজাক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে ৰাজেন গোহাঁই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত গোহাঁয়ে ৩,৮০,৯২১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ অনিল ৰাজাই লাভ কৰিছিল ৩,৩৫,৫৪১ টা ভোট । অৰ্থাৎ অনিল ৰাজাক ৪৫,৩৮০ টা ভোটৰ ব্যৱধানত হৰুৱাই তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৰাজেন গোহাঁই ।

২০১৪: ২০১৪ চনৰ লোকসভা নিৰ্বাচনতো নগাঁও লোকসভা সমষ্টিৰ পৰাই চতুৰ্থবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজেন গোহাঁয়ে । ২০১৪ চনৰ নিৰ্বাচনত তেওঁ ৪,৯৪,১১৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জোনজোনালি বৰুৱাই লাভ কৰিছিল ৩,৫০,৫৮৭ টা ভোট । প্ৰায় ডেৰ লাখ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ সক্ষম হোৱা গোহাঁই পৰৱৰ্তী ২০১৯ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক বিতৰ্কত সাঙোৰ খাই দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । ২০১৯ চনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত প্ৰথমবাৰ নগাঁৱত এইমছ স্থাপনৰ দাবীত সেই সময়ৰ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত । তাৰ পাছৰে পৰাই সময়ে সময়ে ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধাচৰণ কৰি দলৰ ৰোষত পৰিবলগীয়া হৈছিল জ্যেষ্ঠ নেতাগৰাকী । গোহাঁইকে ধৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা প্ৰায়েই একগোট হৈ দলীয় বিভিন্ন বিষয়ত মাত মাতিছিল । কিন্তু ইয়াৰে আন এগৰাকী জ্যেষ্ঠ নেতা ৰমেন ডেকাই শেহতীয়াকৈ লাভ কৰিছে ৰাজ্যপালৰ দৰে গুৰুত্বপূৰ্ণ তথা সন্মানীয় পদবী । কিন্তু ৰাজেন গোহাঁই যেন আজিও হৈ থাকিল উপেক্ষিত ।

Last Updated : Nov 28, 2024, 9:16 PM IST

ABOUT THE AUTHOR

...view details