অসম

assam

ETV Bharat / state

অ' হৰি মহো হো মহ খেইদবা টাঙোন ল’: আঘোণৰ পূৰ্ণিমাত ৰাজ্যৰ ঠায়ে ঠায়ে উদযাপন মহো-হো - MOHOHO FESTIVAL

আঘোণৰ পূৰ্ণিমা তিথিত নলবাৰী আৰু সৰুপথাৰত উদযাপন মহো-হো উৎসৱ । পৰাম্পৰাগতভাৱে চহা গঞালোকৰ উপস্থিতিত নলবাৰীৰ তন্ত্ৰশংকৰাত যুৱ ছাত্ৰ পৰিষদে উদযাপন কৰে মহো-হো ।

Folk festival Mohoho celebrated in the lower Assam region of India
আঘোণৰ পূৰ্ণিমাত অ’ হৰি মহ-হো-হোৰ ধ্বনিৰে মুখৰিত নলবাৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 11:03 AM IST

নলবাৰী/ সৰুপথাৰ :

অ' হৰি মহো হো ৷

মহ খেইদবা টাঙোন ল ।।

মহে বলে মইল্লুদে ।

টেপৰ পুৰা খালুদে ।।

টেপৰত নহল লুন ।

চাউল লাগে দোন দোন ।।

আমাৰ অসমখন নানা লোকাচাৰ, বৰ্ণিল সংস্কৃতিৰে পূৰ্ণ ৷ সেইবাবে অসমখন বিনন্দীয়া ৷ নামনি অসমৰ ঠাই বিশেষে প্ৰচলিত এক বিশেষ লোক-উৎসৱ মহো-হো বা মহখেদা উৎসৱ ৷ আঘোণৰ পূৰ্ণিমাৰ সন্ধিয়া বিশেষকৈ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল'ৰাই চহা লোকৰ ঘৰৰ চোতালত মহখেদা গীত জুৰিলে মহবোৰ ভয়ত আঁতৰি যায় বুলি পৰম্পৰাগতভাৱে বিশ্বাস কৰি আহিছে ৷ ঠাইভেদে এই গীতসমূহৰ শব্দ বা বাক্যৰ প্ৰভেদ পৰিলক্ষিত হয় ৷

নলবাৰী :আঘোণৰ পূৰ্ণিমা তিথিত মহো-হো উৎসৱ উপলক্ষ্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ-পূব নলবাৰী আঞ্চলিক সমিতিয়ে নামনি অসমৰ অন্যতম লোক-সংস্কৃতি এই উৎসৱটি উদযাপন কৰে । চহা অসমীয়াৰ অন্যতম কৃষ্টি মহহো প্ৰদৰ্শন কৰে তন্ত্ৰশংকৰা গাঁৱৰ একাংশ সচেতন ব্যক্তিয়ে । ভেলাঘৰ নিৰ্মাণ কৰি গঞা ৰাইজৰ উপস্থিতিত সংগঠনটোৱে উদযাপন কৰে মহো-হো উৎসৱ ।

আঘোণৰ পূৰ্ণিমাত অ’ হৰি মহ-হো-হোৰ ধ্বনিৰে মুখৰিত নলবাৰী (ETV Bharat Assam)

উল্লেখযোগ্য যে, এই মহো-হো উৎসৱৰ সময়ত আঘোণৰ পূৰ্ণিমাৰ জোনাকত চহা অসমীয়াই বছৰটোৰে আশীৰ্বাদ লৈ ঘৰে ঘৰে মহ খেদিব যায় । লোকবিশ্বাস অনুসৰি আঘোণৰ পূৰ্ণিমাৰ জোনাকৰ সন্ধিয়াত মহ খেদিব যোৱা বা এই মহ খেদা উৎসৱৰ পিছতে মহবোৰ নাইকীয়া হৈ পৰে ।

অতিজৰে পৰা পৰাম্পৰাগতভাৱে নামনি অসমৰ চহা অসমীয়াই এই উৎসৱ পালন কৰি আহিছে । গৃহস্থৰ চোতালত মহোহো গীত গাই, সেই খৰখনৰ পৰা বছৰটোলৈ মহবোৰ আঁতৰি পঠিওৱা বা খেদি পঠিওৱাৰ লগতে চহা গৃহস্থৰ উত্তম মংগলৰ অৰ্থে চোতালত শৰাই চাকিৰে ভগৱানৰ ওচৰত মংগল প্ৰাৰ্থনা জনোৱা হয় ।

পূৰ্বৰ পৰাম্পৰা নাথাকিলেও আঘোণৰ পূৰ্ণিমাত হাতে হাতে বাহৰ টাকোন, তকলা আদি লৈ গৃহস্থৰ ঘৰে ঘৰে গৈ মহ খেদিবলৈ মহো-হো গীত জোৰে । আকৌ গৃহস্থই সন্তোষ মনেৰে এমুঠি চাউল অথবা দক্ষিণা প্ৰদান কৰে মহ খেদা বা মহ খুন্দা লোকসকলক ।

এই পৰাম্পৰা যেন হেৰাই যাবলৈ নিদিয়ে সচেতন ৰাইজ তথা দল সংগঠনে । সময়ৰৰ লগে লগে কিছু পৰিৱৰ্তন ঘটিছে যদিও ভিন্ন প্ৰান্তত ইয়াৰ গীতবোৰৰ শাৰী ভিন্ন হোৱা পৰিলক্ষিত হয় । তথাপিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পূব নলবাৰী আঞ্চলিকে ইয়াক নৱ প্ৰজন্মৰ আগত উপস্থাপন কৰাৰ লগতে শশ ৰাইজৰ আগত মহো-হো উৎসৱটি আয়োজন কৰে ।

লগতে পঢ়ক :শনিবাৰৰ পৰা তৃতীয় বাৰ্ষিক নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ

লগতে পঢ়ক :জানুৱাৰীত গোলাই চোৰে চলাব উৎপাত

সৰুপথাৰ :সৰুপথাৰ সমজিলাৰ ১নং পদুমনি পাৰঘাটত কলিতা জনগোষ্ঠীৰ মহো-হো উৎসৱ উদযাপন কৰা হয় । সদৌ কলিতা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ধনশিৰি কলিতা ঐক্যমঞ্চৰ সহযোগত, ১নং পাৰঘাট-পদুমনিৰ আতিথ্যত পাৰঘাট দামোদৰদেৱ পুথিভঁৰাল প্ৰাংগনত দেওবাৰে মহো-হো উৎসৱ উদযাপন কৰে ।

সৰুপথাৰত উদযাপন মহ-হো-হো উৎসৱ (ETV Bharat Assam)

অনুষ্ঠানটো কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে শুভাৰম্ভ কৰাৰ পিছতে মহো-হো উৎসৱৰ অন্য অনুষ্ঠানসমূহ একাদিক্ৰমে অনুষ্ঠিত হয় । অনুষ্ঠানত প্ৰদৰ্শনীমূলক হিচাপে স্থানীয় গাঁৱৰ কেইবাটাও দলে মহো-হো বা মহখেদা নৃত্যৰ প্ৰদৰ্শন কৰে । লগতে এখন পৰ্যালোচনা সভাও অনুষ্ঠিত হয় । অনুষ্ঠানটিৰ আৰম্ভণি কৰা হয় কামৰূপীয়া লোকগীতেৰে লগতে সভাৰ সভাপতিত্ব কৰে গাঁৱৰ জেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ ডেকাৰ লগতে অনুষ্ঠানটিৰ আঁতধৰে গোলাঘাট জিলা কলিতা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজেশ তালুকদাৰে । মহো-হো উৎসৱৰ উদ্বোধন কৰে নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ কুমাৰ চৌধুৰীয়ে ।

উল্লেখ্য যে, মহো-হো উৎসৱটিৰ অতীত ব্যাখ্যা কৰে গাঁৱৰ জেষ্ঠ ব্যক্তি গোপীচন্দ্ৰ ডেকাই । এই উৎসৱটিৰ লগত সংগতি ৰাখি কলিতা জনগোষ্ঠীৰ অতীত বৰ্তমান আৰু ভবিষ্যতৰ এক পৰ্যালোচনা হয় । এই পৰ্যালোচনা সভাত শিক্ষক বলীন চন্দ্ৰ বৰাদেৱ আৰু ধনশিৰি কলিতা ঐক্যমঞ্চৰ সমন্বয়ক মৃদুপৱন তামুলী, সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক পৰাগ কুমাৰ ভূঞা, বৰপথাৰৰ জেষ্ঠ সাংবাদিক বিবেকানন্দ দত্তই বৰ্তমানৰ কলিতা জনগোষ্ঠীৰ লোকসকলৰ অৱস্থা লগতে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰে ।

মহোহো উৎসৱত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি মৃণাল দত্ত, সৰুপথাৰ আঞ্চলিক ছাত্ৰসন্থাৰ সম্পাদক শিৱাশীষ শৰ্মা আৰু বিশেষভাৱে আমন্ত্ৰিত ধনশিৰি আপকুৰ সম্পাদক অনুজ বৰাদেৱৰ লগতে আপকুৰ আন বিষয়ববীয়া লগতে সদস্যসকল ।

লগতে পঢ়ক :ডিমা হাছাওত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪

লগতে পঢ়ক :আঘোণৰ সোণালী পথাৰত উমাৰ ব্যস্ততা

ABOUT THE AUTHOR

...view details