জোনাই, 3 জুলাই:নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিলাপথাৰৰ বিস্তীৰ্ণ নৈপৰীয়া অঞ্চল । অঞ্চলটোৰ মুক্তিয়াৰ আৰু চিমেনমুখ পঞ্চায়তৰ চেঙাজান মাজৰবাৰী, দেউৰীঘাট, সোণাৰিঘাটৰ পৰা নামনি চিচি টঙানিৰ জংগলী অফিচ, কঁঠালগুৰি, ভদীয়াচুক, মাজদেৱেৰা, নামকিৰ, জাতীয়া চাপৰি, ৰাংকপ চাপৰি, মৰাণ চাপৰি আদিকে ধৰি তিনিকুৰি গাঁও বৰ্তমান বানৰ কবলত ।
ওখ ওখ চাং ঘৰ পৰ্যন্ত ডুব গৈছে আহাৰৰ বানত । ঘৰ-বাৰীকে ধৰি বৃহৎ বৃহৎ কৃষিভূমি বৰ্তমানেও পানীৰ তলত । সমান্তৰালভাবে বৃহৎ লোকচানৰ সন্মুখীন হ’ল মীনপালকসকল । জীৱ-জন্তু চৰিবলৈ স্থানৰ অভাৱ ঘটাত ৰাইজে পোহনীয়া জীৱ-জন্তু লৈ মথাউৰিলৈ স্থানান্তৰ হ’বলগীয়া হৈছে ।
লগতে পঢ়ক:বানত ককবকাইছে ৰাজ্য়ৰ জনতাই : যেনিয়েই চকু যায় তেনিয়েই কেৱল পানী আৰু পানী - Assam Flood 2024
আনহাতে, পূৰ্বতকৈ উন্নত হৈছে জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ মেচাকি চাপৰিৰ বান পৰিস্থিতি । লালী, ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত বুৰাই পেলোৱা জোনাই ৰাজহ চক্ৰৰ চৰ চাপৰি অঞ্চল সমগ্ৰ মেচাকি চাপৰিৰ বানপীড়িত পৰিয়ালবোৰৰ ঘৰ-ভেটি, ভঁৰাল, বাট-পথ, পথাৰ আদিবোৰ ক্ৰমাৎ শুকাবলৈ লৈছে ।
ইপিনে, বগৰীগুৰি সামাজিক বনানিকৰণ এলেকাত লালী নদীৰ মথাউৰি ছিঙাৰ ফলত জটিল হৈ পৰা বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে । চিয়াং-লালী নদীৰ বাঢ়নী পানী সোমাই অহাৰ ফলত গালী চিকাৰী গাওঁ পঞ্চায়তৰ সমগ্ৰ গালিঘাট অঞ্চলৰ কুৰিখনৰো অধিক গাঁও সম্পূৰ্ণ বুৰ গৈছিল যদিও মঙলবাৰ পৰা অঞ্চলটোৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলন নগৰ, তল মামৰ, মুদৈ, জীয়াঢল, গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰি আদি গাওঁসমূহত পানী শুকাবলৈ লৈছে ।
লগতে পঢ়ক:নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024