কলিয়াবৰ, 7 জুলাই: নগাঁৱত আছুৰ দ্বাৰা অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হয় কলিয়াবৰত ৷ আছুনেতাগৰাকীয়ে হাতীমূৰা বান্ধৰ ভগ্ন মথাউৰিৰ স্থানত উপস্থিত হৈ বুজ লয় শেহতীয়া পৰিস্থিতিৰ ৷
মূলতঃ এই হাতীমূৰা বান্ধ ভঙাৰ ফলতে প্লাৱিত হৈছিল কলিয়াবৰৰ বৃহত্তৰ এলেকা ৷ সমান্তৰালকৈ বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যি মন্তব্য প্ৰকাশ কৰিছে, তাক লৈও কঠোৰ সমালোচনা কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷
লগতে পঢ়ক: হাতীমূৰাৰ মথাউৰি প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি ক'লে ? - Assam Flood 2024
উল্লেখ্য যে, অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব ৷ সমস্যা ঘোষণা কৰিলে কাৰোৰে পৰা একো নাপাব ৷ বান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত হ’লে বিদেশৰ মানুহ অসমলৈ নহা হ’ব বুলিও শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতি সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল ৷
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে, অসমৰ দৰে দুৰ্বল আন্তঃগাথঁনিৰ এখন ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ বা প্ৰতিৰোধ কৰিবলৈ কোনো সামৰ্থ নাই ৷ সেয়ে এই সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷
সমান্তৰালকৈ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে কৰা গাফিলতিৰ বাবে সৃষ্টি হোৱা বানত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্য দিবলৈও চৰকাৰক দাবী জনাই ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ৷ এই সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে, কলিয়াবৰৰ বান আন ঠাইৰ দৰে প্ৰাকৃতিকভাৱে হোৱা সমস্যা নহয় ৷ ই বিভাগীয় গাফিলতি আৰু ঠিকাদাৰী গোষ্ঠীৰ বাবে হোৱা সমস্যা ৷ সেয়ে চৰকাৰে বান সাহায্যৰ লগতে বিশেষ ক্ষতিপূৰণৰ ব্যৱস্থাও কৰিব লাগে ৷
লগতে পঢ়ক: অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া - Assam flood 2024
আনহাতে, অসমৰ বান নিয়ন্ত্ৰণৰ বাবে যিবোৰ কাম থাকে, সেই কামবোৰ খৰালি নকৰি বাৰিষালৈ পেলাই থোৱাৰ সন্দৰ্ভতো আছুৰ উপদেষ্টাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ এইক্ষেত্ৰত এটা বিশেষ চক্ৰই সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ উত্থাপন কৰে ড৹ ভট্টাচাৰ্যই ৷ এই চক্ৰটোৱে মানুহৰ জীৱনক লৈ হেতালি খেলি আছে ৷ এনেধৰণৰ কাণ্ডত জড়িত বিষয়া-ঠিকাদাৰসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, নিদিয়াৰ বাবেই এই চক্ৰটোৱে সাহ পাই আছে বুলিও আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত মত ব্যক্ত কৰে ৷
লগতে পঢ়ক: ১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024