অসম

assam

ETV Bharat / state

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৫ কয়দীৰ পলায়ন

Prisoners Escaped From Jail: মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন POCSO গোচৰত অভিযুক্ত পাঁচ কয়দীৰ ৷

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 12:56 PM IST

Prisoners Escaped From Morigaon Jail
মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৫ কয়দীৰ পলায়ন (ETV Bharat Assam)

ধিং, ১১ অক্টোবৰ : দুৰ্গা পূজাৰ উলহ-মাহৰ মাজতেই মৰিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দেৱালৰ ওপৰেৰে পাঁচজনকৈ POCSO গোচৰত অভিযুক্ত কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে মৰিগাঁও জিলাৰ ছাইফুদ্দিন আহমেদ, জিয়াৰুল হক, নুৰ ইছলাম, মফিদুল ইছলাম আৰু আব্দুল ৰছিদ নামৰ পাঁচ অভিযুক্তক POCSO গোচৰত জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল । মৰিগাঁও আদালতত গোচৰ চলি থকা পাঁচ অভিযুক্তই মহা সপ্তমীৰ নিশা হঠাৎ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাচত এতিয়া হাহাকাৰ লাগিছে মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষৰ মাজত ।

মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন পক্সো গোচৰত অভিযুক্ত পাঁচ কয়দীৰ (ETV Bharat Assam)

বৃহস্পতিবাৰে নিশা কাৰাগাৰত থকা এই পাঁচ অভিযুক্তই কম্বল, লুঙী, বিছনা চাদৰ জোৰা লগাই দেৱাল বগাই কাৰাগাৰৰ পৰা পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই । অৱশ্যে এই পৰ্যন্ত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই মৰিগাঁও জিলা কাৰাগাৰ কৰ্তৃপক্ষই ।

আনহাতে, মৰিগাঁও জিলা কাৰাগাৰৰ পৰা POCSO গোচৰৰ পাঁচ অভিযুক্তই পলায়ন কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

বিধায়কগৰাকীয়ে কয়, "কাৰাগাৰৰ পৰা POCSO আইনৰ গোচৰত অভিযুক্ত পৰা ৫ জন কয়দীয়ে আজি চক্ৰান্ত কৰি পলাই গৈছে । এইটো এটা লজ্জাজনক কথা । যিসকল তাত ৰক্ষী আছিল, সেইসকলক মই উচিত শাস্তি দিবৰ কাৰণে আহ্বান জনাইছোঁ । স্থানীয় মৰিগাঁৱৰ বিধায়ক হিচাপে মই নিজেও লজ্জিত হৈছোঁ ।"

কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ গাফিলতিৰ বাবেই কাৰাগাৰৰ পৰা কয়দীয়ে পলায়ন কৰা বুলি দাবী কৰি দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

লগতে পঢ়ক :মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি
লগতে পঢ়ক :দেবলাল গাৰ্লোচা মুখ্যমন্ত্ৰীৰ এ টি এম: ভূপেন বৰা

ABOUT THE AUTHOR

...view details