চিৰাং, ২৪ এপ্ৰিল:২০১৪ চনৰ ২০ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতিত সংঘটিত হোৱা প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান । মুঠ ৯ জন অভিযুক্তৰ ৫ জনক চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ত দোষমুক্ত বুলি ৰায়দান কৰে । ইয়াৰে চাৰিজনে গোচৰটোত সহযোগ নকৰাত কোনো ৰায়দান নহ'ল তেওঁলোকৰ বিৰুদ্ধে । তেওঁলোক ক্ৰমে বিনোদ গয়াৰী ওৰফে জি বিদায়, লাচিত নাৰ্জাৰী, বুদ্ধ মুছাহাৰী আৰু বিনোদ মুছাহাৰী ওৰফে বাথা ।
চিৰাং আৰক্ষীৰ তদন্ত চলি থকা সময়তে অসম চৰকাৰে উক্ত গোচৰ চি আই ডিক প্ৰদান কৰিছিল আৰু চি আই ডিৰ অভিযোগনামাত দোষি সাব্যস্ত কৰিছিল এই ৯ জনক । ইয়াৰ পিচৰে পৰা আদালতত বিচাৰ প্ৰক্ৰিয়া চলিছিল যাৰ ৰায়দান বুধবাৰে হয় ।
উল্লেখ্য যে এন ডি এফবি (ছা)ৰ নেতা জি বিদাইৰ লগত বাথা সহ অন্যান্য কেবাজনো সহস্ত্ৰ কেডাৰে কেমেৰাৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল দশম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া বসুমতাৰীক । আৰক্ষীৰ চোৰাংচোৱা বুলি সন্দেহ কৰি এই হত্যাকাণ্ড কৰিছিল এন ডি এফ বিয়ে । হত্যাকাণ্ডৰ গোচৰৰ পৰা মুক্তি পোৱা অভিযুক্ত কেইজন ক্ৰমে নেমব্ৰত বৰগয়াৰী, অনন ব্ৰহ্ম, লেবৌ বসুমতাৰী, ধনঞ্জয় দৈমাৰী আৰু সৌমখৌৰ বসুমতাৰী ।