ETV Bharat / lifestyle

কি হৈছে কণ্ঠশিল্পী কুমাৰ চানুৰ ? যাৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ থেৰাপী

ছ’চিয়েল মিডিয়াত কণ্ঠশিল্পী কুমাৰ চানুৰ এটা ভিডিঅ’ত কোনো থেৰাপী গ্ৰহণ কৰা দেখা গৈছে । কিন্তু কি কাৰণে তেওঁ গ্ৰহণ কৰিছে এই থেৰাপী পঢ়ক সবিশেষ-

What Is Chiropractic Therapy? why is singer Kumar Sanu Taking this Therapy
কি হৈছে কণ্ঠশিল্পী কুমাৰ চানুৰ ? যাৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ থেৰাপী (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

নিজৰ সুৰীয়া সংগীতেৰে সকলোকে মুগ্ধ কৰা কুমাৰ চানুৱে ৯০ দশকত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল । ৯০ৰ দশকৰ ছুপাৰহিট গায়কসকলৰ মাজত তেওঁৰ নাম উল্লেখনীয় । কুমাৰ চানুৰ গীতত এক নিজস্ব অনন্য ষ্টাইল আছে, যাৰ বাবে তেওঁৰ অনুৰাগীসকল আজিও তেওঁৰ বাবে বলিয়া ।

শেহতীয়াকৈ সামাজিক মাধ্যমযোগে কুমাৰ চানুৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে যিয়ে তেওঁৰ অনুৰাগীসকলক কিছু চিন্তিত কৰি তুলিছে য’ত এজন চিকিৎসকে তেওঁৰ নাকৰ হাড় ফুটাই থকা দেখা গৈছে ।

দৰাচলতে চিকিৎসকে এয়া কুমাৰ চানুৰ চাইনাছৰ চিকিৎসা কৰিছে । ইয়াৰ পিচত তেওঁ পেট আৰু পিঠিৰ সমস্যা দূৰ কৰিবলৈ কাইৰোপ্ৰেকটিক থেৰাপী(chiropractic therapy) গ্ৰহণ কৰি থকা দেখা গৈছে । কিন্তু আপুনি কাইৰোপ্ৰেকটিক থেৰাপী মানে কি জানেনে যাৰ জৰিয়তে ই চাইনাছ আৰু আন বহু ৰোগ নিৰাময় হয় বুলিও চিকিৎসকে দাবী কৰিছে ?

ইনষ্টাগ্ৰামযোগে কাইৰোপ্ৰেক্টৰ ৰজনীশ কান্তে কুমাৰ চানুৱে চিকিৎসা গ্ৰহণ কৰি থকা এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত কুমাৰে চানুৰ নাকৰ হাড় ফুটাই থকা হৈছে । এই ভিডিঅ'টো পুৰণি । ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত লিখা আছে, ‘কণ্ঠশিল্পীৰ চাইনাছৰ চিকিৎসা কৰা হৈছে’ ভিডিঅ’টোত কুমাৰ চানুৱে নিজেই চাইৰোপ্ৰেকটিক থেৰাপীৰ পিচত তেওঁৰ আচৰিত অভিজ্ঞতা শ্বেয়াৰ কৰিছে ।

কুমাৰ চানুৱে কয় যে, তেওঁ বিশ্বাস কৰিব নোৱাৰে যে এই থেৰাপী ইমান ফলপ্ৰসূ, তেওঁ একেবাৰে সতেজ অনুভৱ কৰিছে ।

কাইৰোপ্ৰেকটিক থেৰাপী কি ?

কাইৰোপ্ৰেকটিক থেৰাপীত এজন পেছাদাৰী ব্যক্তিৰ দ্বাৰা মেনুৱেল থেৰাপী প্ৰদান কৰা হয় । য’ত পেশী, হাড়, গাঁঠি আৰু স্নায়ুৰ সমস্যাৰ চিকিৎসা কৰা হয় । কাইৰোপ্ৰেকটিক থেৰাপী বিশেষজ্ঞসকলে হাড় আৰু মাংসপেশীবোৰক ফুটাই সঠিক আকৃতিলৈ অনাৰ চেষ্টা কৰে । এনে কৰিলে যথেষ্ট সকাহ পোৱা যায় ।

কাইৰোপ্ৰেকটিক থেৰাপীৰ দ্বাৰা কি কি ৰোগৰ চিকিৎসা কৰা হয় ?

শৰীৰৰ বিষৰ চিকিৎসা এই চিকিৎসাৰ জৰিয়তে কৰা হয় । গাঁঠি আৰু আঁঠুৰ বিষৰো চিকিৎসা হয় । কাইৰোপ্ৰেকটিক থেৰাপী প্ৰদান কৰি অহা বিশেষজ্ঞসকলে এই চিকিৎসাৰ দ্বাৰা চাইনাছ, মাইগ্ৰেইন, কঁকালৰ বিষ, ছাইটিকা, ডিঙিৰ বিষ, মাংসপেশীৰ জঠৰতা আৰু হাড়ৰ বিষ নিৰাময় কৰে বুলি দাবী কৰে । এই চিকিৎসাক স্পাইনেল মেনিপুলেচন বা জইন্ট মেনিপুলেচন বুলিও কোৱা হয় ।

https://www.nccih.nih.gov/health/chiropractic-in-depth#:~:text=Chiropractic%20is%20a%20licensed%20health,may%20be%20used%20as%20well.

লগতে পঢ়ক: দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত কি খাব কি নাখাব, কি কয় ঋষভৰ পুষ্টিবিদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.