গুৱাহাটী, 24 এপ্ৰিল : আজাৰাৰ চিকিৎসালয়ত অঘটন ৷ কথমপি ৰক্ষা পৰিল আজাৰাৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় ৷ বুধবাৰে দুপৰীয়া প্ৰায় ১১ বজাত চিকিৎসালয়খনৰ অস্ত্ৰোপ্ৰচাৰ কক্ষৰ কাষত থকা ইলেক্ট্ৰিক পেনেলত শ্ব’ৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত ঘটে ৷
এই ঘটনা সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়খনৰ ভিতৰভাগ ধোঁৱাময় হৈ পৰে ৷ চিকিৎসালয়ত জুই আৰু ধোঁৱা দেখি আতংকিত হৈ পৰে উপস্থিত চিকিৎসক, ৰোগী তথা ৰোগীৰ আত্মীয়সকল ৷ যাৰ বাবে মুহুৰ্ততে চৌহদটোত হুৱাদুৱাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, শ্ব’ৰ্ট চাৰ্কিট হোৱা ইলেক্ট্ৰিক পেনেলটোৰ সমীপতে আছিল প্ৰসূতিৰ কক্ষ ৷ সেই সময়ত কক্ষটোত উপস্থিত আছিল তিনিগৰাকী প্ৰসূতি ৷ যাৰ ফলত তেওঁলোকো আতংকিত হৈ পৰে ৷
আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসা কৰ্মীসকলে এক্সটিংগুইচাৰৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷ সমান্তৰালকৈ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে চিকিৎসালয়খনত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ৷ অৱশেষত চিকিৎসালয়খনত থকা কৰ্মীসকলৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ৷