তিনিচুকীয়া :তিনিচুকীয়া চহৰৰ মাকুম পথৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড । দীনেশ পাণ্ডে নামৰ এগৰাকী ব্যৱসায়ীৰ মালিকানাধীন ১৬ টাকৈ ভাৰা কোঠাৰ লগতে নিজা দুটা গুদামত অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত ৫ টাৰো অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ খবৰ পোৱা গৈছে । যাৰ ফলত জুইয়ে অধিক বিধ্বংসী ৰূপ লয় । ফলস্বৰূপে কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ।
বিধ্বংসী অগ্নিকাণ্ড
ঘটনাস্থলীত তিনিচুকীয়াৰ তিনিখন, ডুমডুমাৰ এখন আৰু ডিগবৈৰ এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপণ কৰে । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি সদৰী কৰে দীনেশ পাণ্ডে নামৰ ব্যৱসায়ীগৰাকীয়ে ৷ তেওঁ কয়, "জুই কেনেকৈ লাগিল আমি গম নাপালো । আমি জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছিলো । প্ৰথমে এটা কোঠাত জুইৰ সূত্ৰপাত হৈছিল আৰু লাহে লাহে ওচৰৰ ঘৰবোৰত জুই বিয়পি পৰে ।"
ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই কয়, "খবৰ পোৱাৰ লগে লগে তিনিচুকীয়াৰ লগতে ডিগবৈ আৰু ডুমডুমাৰ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় । তাৰ পাছতে জুই নিয়ন্ত্ৰণলৈ আহে । আমি ইয়াত উপস্থিত হোৱাৰ সময়ত এটা চিলিণ্ডাৰ ব্লাষ্ট হৈছে । তাৰ আগত হৈছে যদি আমি জ্ঞাত নহয় ।"