অসম

assam

ETV Bharat / state

প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ পিছতে হাহাকাৰ লাগিল ভুক্তভোগী গ্ৰাহকৰ মাজত - Fraudster in Assam - FRAUDSTER IN ASSAM

Financial fraud in Nagaon: ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আটক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী । প্ৰৱঞ্চনাৰ জাল পেলাই নিজেই জালত পৰা আফতাৰক পুনৰ ৭ দিনৰ জিম্মাত ললে নগাঁও আৰক্ষীয়ে ।

Financial fraud, Fake financial institution owner arrested in Nagaon
ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে নগাঁও আৰক্ষী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 7:47 PM IST

নগাঁও,১৭ আগষ্ট: ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি সহজ উপায়েৰে ধন ঘটাৰ উদ্দেশ্যে প্ৰৱঞ্চনাৰ এখন বিশাল জাল মেলি অৱশেষত নিজেই আৰক্ষীৰ জালত পৰিল নগাঁৱৰ এটা প্ৰৱঞ্চক । নগাঁও চহৰৰ ঢাকাইপট্টিত North East Development Nidhi Limited(Bank) নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয় খুলি নগাঁৱৰ ৰাইজক প্ৰৱঞ্চনা কৰি নগাঁও আৰক্ষীৰ জালত পৰিল আফতাৰ হুছেইন নামৰ এটা প্ৰৱঞ্চক ।

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে নগাঁও আৰক্ষী (ETV Bharat Assam)

নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টিত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয় খুলি দৈনিক জমাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা নগাঁৱৰ জাজৰিৰ আফতাৰ হুছেইনে জমাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত কোনো লোকক ধন ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল । দুবছৰ পূৰ্বেও গুৱাহাটীত আমাৰ অসম বিকাশ নিধি লিমিটেড নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গুৱাহাটীৰ বহু লোকক প্ৰৱঞ্চনা কৰাৰো অভিযোগ আছে আফতাৰৰ বিৰুদ্ধে ।

আফতাৰ হুছেইনে নগাঁৱৰ বহু গ্ৰাহকক একাউণ্ট খোলাই ধন জমা লোৱাৰ পাছত ঘূৰাই দিয়াৰ সময় পাৰ হৈ যোৱা স্বত্বেও ধন ওভতাই নিদিয়াৰ অভিযোগ উত্থাপন কৰি একাংশ গ্ৰাহকে নগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰে এখন এজাহাৰ । গ্ৰাহকৰ অভিযোগৰ ভিত্তিতেই শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ আজাদ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে আফতাৰ হুছেইন ওৰফে ৰ'জক ।

আফতাৰৰ প্ৰৱঞ্চনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগিছে নগাঁৱৰ বহু গ্ৰাহকৰ মাজত । কাৰণ বৰবজাৰৰ অধিকাংশ ব্যৱসায়ীয়েই দৈনিক জমাৰ নামত ১০০ টকাৰ পৰা ১ হাজাৰ টকালৈকে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোত জমা কৰিছিল বুলি উল্লেখ কৰে একাংশ গ্ৰাহকে । ইপিনে আফতাৰৰ প্ৰৱঞ্চনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে শনিবাৰে জেৰা চলায় প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত আফতাৰ হুছেইনক ।

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই নিজেই মাৰাথান জেৰা চলাই আফতাৰক । জেৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কথাও সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই । আৰক্ষীয়ে জনোৱা অনুসৰি আফতাৰে বেংক একাউণ্টৰ নামত নিজৰ ব্যক্তিগত চেভিংছ একাউণ্টৰ কিউ আৰ ক'ড ব্যৱহাৰ কৰি সকলো ধন নিজৰ একাউণ্টত জমা কৰিছিল ।

প্ৰতিষ্ঠানটোৰ পঞ্জীয়নৰ ক্ষেত্ৰতো জালিয়াতি কৰাৰ অভিযোগ ধৃত আফতাৰ হুছেইনৰ বিৰুদ্ধে । বৰ্তমান অধিক সোধ-পোচৰ বাবে প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত আফতাৰক শনিবাৰে আদালতত হাজিৰ কৰি পুনৰ ৭ দিনৰ জিম্মাত বিচাৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:একেনিশাই ধনী হোৱাৰ সপোনে পানীত পেলোৱালে কোটি কোটি টকা - YBY trading app

ABOUT THE AUTHOR

...view details