লখিমপুৰ, 16 ফেব্ৰুৱাৰী:মৃতদেহ লিৰিকি বিদাৰি থকা এজাক মানুহ । হেজাৰজনৰ দেহাত চলাই যায় চোকা অস্ত্ৰ ৷ এক ব্যতিক্ৰমী জীৱনশৈলী তেওঁলোকৰ । দুহাতত থাকে চোকা অস্ত্ৰ । ধাৰাল অস্ত্ৰ লৈ প্ৰতিদিনেই মানৱ দেহা বিদীৰ্ণ কৰে তেওঁলোকে । এবাৰলৈও কঁপি নুঠে তেওঁলোকৰ হৃদয় । অকণমানো শংকিত নহয় তেওঁলোক । চোকা অস্ত্ৰৰে মানৱ শৰীৰ কৰোঁতে হাত কঁপিলে নহ’ব তেওঁলোকৰ ।
পিচে তেওঁলোকৰো হৃদয় ব্যথিত হয় । যেতিয়া কোনো নিস্পাপ শিশুৰ দেহত কৰিবলগীয়া হয় অস্ত্ৰাঘাত ৷ তেতিয়া কান্দি উঠে তেওঁলোকৰো মনবোৰে । আহত হৃদয়েৰেই শিশুৰ দেহত তেওঁলোকে চলায় ধাৰাল ছুৰী । কাৰণ, সেয়াই হৈছে তেওঁলোকৰ কৰ্ম । ভাতমুঠি মোকলোৱাৰ একমাত্ৰ সম্বল ।
তেওঁলোক হৈছে চিকিৎসালয়ৰ মৰ্গত নিয়োজিত কৰ্মী । বিভিন্ন কাৰণত প্ৰাণ হেৰুৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত তেওঁলোকে ছাৰ্জিকেল ব্লেড, চুৰি আদিৰে ফালি ছিৰাছিৰ কৰে মৃতদেহ । তেওঁলোকে ফালি ছিৰাছিৰ কৰা মৃতদেহ চাই চিকিৎসকে মৃত্যুৰ কাৰণ নিৰ্ণয় কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰেৰণ কৰে । চিকিৎসালয়ৰ মৰ্গত নিয়োজিত সেইসকল কৰ্মীৰ জীৱন নিৰ্বাহ প্ৰণালী আনতকৈ পৃথক । তেওঁলোকে জীয়াই থাকিবৰ বাবে মৃতদেহৰে খেলা কৰিবলগীয়া হয় । যি মৃতদেহ প্ৰত্যক্ষ কৰিলে সাধাৰণতে সকলোৱে সচকিত হৈ পৰে, ভীতিগ্ৰস্ততাই মন আৱৰি ধৰে, তেনে মৃতদেহক তেওঁলোকে কোনো দ্বিধা সংকোচ নকৰাকৈ কাষত লৈ চোকা অস্ত্ৰৰে ছিৰাছিৰ কৰি যায় ।