গুৱাহাটী, 2 ফেব্ৰুৱাৰী : মাহটোৰ আৰম্ভণিতেই জানি লওক ফেব্ৰুৱাৰী মাহটো কেনেদৰে পাৰ হ’ব আপোনাৰ ৷ এই মাহটোত ভাল ফলাফল লাভ কৰিব তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে । ইয়াৰ লগতে কিন্তু তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে এই মাহটোত কিছু বাধাৰ সন্মুখীন হ’ব । ভাল ফল লাভ কৰিবলগীয়া ৰাশি কেইটা হৈছে- কৰ্কটৰাশি, কন্যাৰাশি আৰু তুলাৰাশি । আনহাতে বাধাৰ সন্মুখীন হ’বলগীয়া ৰাশি তিনিটা হৈছে- সিংহৰাশি, কুম্ভৰাশি আৰু মীন ৰাশি ।
কৰ্কটৰাশি: চলিত ফেব্ৰুৱাৰী মাহটো কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ বুলি কোৱা হৈছে ।
চলিত মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলে বিত্তীয়, কেৰিয়াৰ আদিৰ ক্ষেত্ৰত অত্যন্ত ভালফল লাভ কৰিব । সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ চেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ।
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো শুভ হ’ব । এই ৰাশিৰ জাতক-জাতিকাসকলে যদি কৰ্মস্থান সলনি কৰিব বিচাৰে তেন্তে ফেব্ৰুৱাৰী মাহতে সলনি কৰিলে ভাল ফলাফল লাভ কৰিব । যাত্ৰাৰ ক্ষেত্ৰতো এই মাহটো ভাল । লগতে বিত্তীয় দিশটো উন্নতি দেখা পোৱা যায় ।