শিলচৰ,২৬ জুলাই:"বৰ্তমান আদালত আৰু জেলৰ কোনো প্ৰয়োজন নাই । সকলো অপৰাধীক আৰক্ষীক চমজাই দিয়ক আৰু আৰক্ষীয়ে তেওঁলোকক গুলীয়াই হত্যা কৰিব ।"- আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত তিনি মাৰ যুৱকৰ পৰিয়ালৰ । শুকুৰবাৰে কাছাৰৰ লক্ষীপুৰৰ মাৰকুলিনত এক সংবাদমেল সম্বোধন কৰি মৃত তিনি মাৰ যুৱকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ জিম্মাত কিদৰে যুৱক তিনিজনৰ মৃত্যু হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ।
লগতে কয়, "যুৱক তিনিজন যদি উগ্ৰপন্থীৰ সদস্য আছিল তেন্তে তেওঁলোকক হত্যা কৰাৰ অধিকাৰ আৰক্ষীক কোনে দিলে ?" ভূৱা এনকাউণ্টাৰ কৰি এই সমগ্ৰ ঘটনাক আৰক্ষীয়ে আন ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে । উচিত তদন্ত নোহোৱালৈকে তেওঁলোকে যুৱক তিনিজনৰ মৃতদেহ চমজি নলয় বুলি জনাই সংবাদমেলত ।
উল্লেখ্য যে, ক্ৰমাৎ জটিল হৈ পৰিছে কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটনা । প্ৰতিদিনেই এই ঘটনাই লৈছে ন ন মোৰ । কাছাৰ আৰক্ষীৰ বিৰুদ্ধে কাছাৰৰ লক্ষীপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পাচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মৃতকৰ পৰিয়াল ।