গোলাঘাট, ৪ ছেপ্টেম্বৰ: স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যৰ বহু দৰিদ্ৰ লোকে লাভ নকৰিলে চৰকাৰী সা-সুবিধা ৷ চৰকাৰে বিকাশ তথা উন্নয়নৰ গংগা বোৱাই দিয়া বুলি দাবী কৰিলেও এতিয়াও অনাহাৰ-অনিদ্ৰাৰে বহু দৰিদ্ৰলোকে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । এই বঞ্চিত লোকসকলে দাঙি ধৰিছে চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা প্ৰকৃত ছবিখন ৷
- জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনী :
গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ বিহৰা মিকিৰচাং পাহাৰ লাইনৰ কেইটামান পৰিয়ালৰ এয়া কঠোৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনী । তেওঁলোকে জানে, তেওঁলোক স্বাধীন দেশৰ নাগৰিক । অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰপীড়িত যদিও জানে চলি থকা স্বাধীনতাৰ অমৃত মহোৎসৱৰ কথা । অৱশ্যে স্বাধীন দেশৰ নাগৰিক বুলি জানিলেও, নাজানে স্বাধীনতা মানে কি ? লাভ কৰা নাই চৰকাৰী কোনো আঁচনিৰ সা-সুবিধা ।
গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ এই অঞ্চলটোৰ লোকসকলে দিনত যেনতেন, নিশা হ'লেই যেন নামি আহে শংকা । দিনত মাটিতেই থাকে যদিও নিশা হ'লেই পৰিয়ালে আশ্ৰয় ল'ব লাগে সু-উচ্চ গছৰ ওপৰত সজা টঙীঘৰত । বিহৰা মিকিৰচাং পাহাৰ লাইনৰ এইকেইটা পৰিয়াললৈ সন্ধিয়া হ'লেই নামি আহে বিভীষিকা । তথাপি উৰুখা পজাঁত সগৌৰৱে উৰিছে ত্ৰিৰংগা ।
- হাতীৰ আক্ৰমণৰ আশংকা :
হাতীৰ আক্ৰমণৰ আশংকা থাকে অনবৰতে । দিনত কেনেবাকৈ থাকিলেও নিশা প্ৰায়েই আহে বনৰীয়া হাতী । ছয় দিন আগত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল চনিয়া মুণ্ডা নামৰ এজন লোক । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় ন্য়ূনতম সা-সুবিধাৰ পৰা বঞ্চিত চাহ জনগোষ্ঠীৰ এই লোকসকলে কটাইছে এক দুৰ্বিষহ জীৱন ।
- সন্ধিয়া হ'লেই উঠিব লাগে টঙীঘৰত :