সম্পূৰ্ণ পৰিকল্পিত আছিল প্ৰসেনজিৎ নাইডিঙৰ অপহৰণ হাফলং,২০ এপ্ৰিল :অৱশেষত ফাদিল হ'ল হাফলঙৰ প্ৰসেনজিৎ নাইডিঙৰ নাটকীয় অপৰহণৰ ৰহস্য । সম্পূৰ্ণ পৰিকল্পিত আছিল নাইডিঙৰ অপহৰণ । খোদ নাইডিং আৰু তেওঁৰ সহযোগীয়ে মিলি ৰচনা কৰিছিল নাটকীয় অপহৰণৰ কাহিনী । ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা স্পষ্ট কৰিলে ।
উল্লেখ্য যে যোৱা বুধবাৰে অৰ্থাৎ বিবাহৰ পিচদিনাই প্ৰসেনজিৎ নাইডিঙক অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছিল । ইউনাইটেড ডিমাছা লিবাৰেচন আৰ্মী চমুকৈ ইউ ডি এল এ উগ্ৰপন্থী সংগঠনে অপহৰণ কৰাৰ কথাও পোহৰলৈ আহিছিল । কিন্তু এই ৰহস্যজনক অপহৰণৰ ৪৮ ঘণ্টাৰ পিচতে প্ৰসেনজিৎ মুকলি হৈ আহে । শুকুৰবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰসেনজিতক হাফলঙলৈ লৈ আহে ।
কিন্তু আৰক্ষীৰ জেৰাত এই অপহৰণৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিছে । আচলতে প্ৰসেনজিতক অপৰহণ কৰা হোৱা নাছিল ! প্ৰসেনজিতে নিজেই অপহৰণৰ কাহিনী ৰচনা কৰিছিল । আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে প্ৰসেনজিতে । আৰক্ষী অধীক্ষকৰ মতে প্ৰসেনজিৎ নাইডিং আৰু তেওঁৰ বন্ধু সাতিলজিৎ নাইডিঙে এই অপহৰণৰ পৰিকল্পনা কৰিছিল ।
আৰক্ষীয়ে জনোৱা মতে প্ৰসেনজিতৰ কিছু ব্যক্তিগত সমস্যা আছিল । যাৰ বাবে তেওঁ ঘৰৰ লগতে ডিমা হাছাওৰ পৰা আঁতৰি থাকিব বিচাৰিছিল । সেয়ে তেওঁলোকে হামবানন পৰবচাৰ সৈতে যোগাযোগ কৰিছিল আৰু প্ৰসেনজিতৰ সমস্যা দূৰ কৰাৰ বাবে তেওঁলোকে অপহৰণৰ পৰিকল্পনা কৰিছিল । আৰক্ষী অধীক্ষকগৰাকীৰ মতে ১৭ এপ্ৰিলৰ পুৱতি নিশা প্ৰায় ২ মান বজাত সাতিলজিতৰ সৈতে এখন বাহনত প্ৰসেনজিৎ ডিমাপুৰ অভিমুখে ৰাওনা হয় । যাত্ৰাৰ সময়ত নাগালেণ্ড সীমান্তৰ লাহৰিজানত আৰক্ষীয়ে তেওঁলোকৰ বাহনৰ জৰিমনাও বিহে । সেই সময়ত তেওঁলোকৰ বাহনখনৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছিল ।
ডিমাপুৰলৈ গৈ তেওঁলোকে হামবানন পৰবচা ওৰফে এক্সোৰ সংগ লৈছিল আৰু অপহৰণৰ নাটকখন ৰচনা কৰিছিল । কিন্তু নিজৰ অপহৰণৰ নাটকখন নিজে প্ৰস্তুত কৰাৰ বাবে প্ৰসেনজিতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । ইফালে এতিয়া সাতিলজিতৰ সন্ধান পোৱা হোৱা নাই । আৰক্ষী অধীক্ষকৰ মতে হামবানন পৰবচা ওৰফে এক্সোই নাগালেণ্ডত থাকি এটা নতুন সংগঠন গঠন কৰাৰ চেষ্টা চলাইছে আৰু তেওঁলোকৰ হাতত অস্ত্ৰ আছে বুলিও তেওঁ উল্লেখ কৰে । সেয়ে সংগঠন এৰি মূলসূঁতিলৈ ঘূৰি আহিবলৈ তেওঁ আহ্বান জনায় ।
লগতে পঢ়ক :আজিও সম্ভেদ নাই মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিং, সামাজিক মাধ্যমত ভাইৰেল ফটো - Dima Hasao Kidnapped