মাজুলী, 11 জুন : ঠগ-প্ৰৱঞ্চনাৰে যেন ভৰি পৰিছে অসমৰ চৌদিশ ৷ বিশেষকৈ অসমৰ গ্ৰাম্য অঞ্চলত সাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি এচামে প্ৰৱঞ্চনাৰে ধন লুটি-পুতি নিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ শেহতীয়াকৈ মাজুলীত এনে প্ৰৱঞ্চনাৰ জাল ৰচি বহু লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে মাজুলী লাইফ হেলথ কেয়াৰ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ৷
কোম্পানীটোৱে চিকিৎসা সোৱাৰ নামত ঘৰে ঘৰে গৈ কাৰ্ড বনোৱাৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷ একোগৰাকী লোকৰ পৰা প্ৰায় 5000 টকাকৈ কোম্পানীটোৱে ধন সংগ্ৰহ কৰে ৷ এনেদৰে পশু মিত্ৰৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি দীৰ্ঘদিনে পলাই আছিল কোম্পানীটোৰ সঞ্চালক পলাশজ্যোতি বৰা ৷ এই অভিযোগ মাজুলীবাসীৰ ৷
লগতে পঢ়ক:চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটাছুৰ পৰা বহিষ্কাৰ মনোজ গগৈক - Manoj Gogoi Expelled From ATASU
সমান্তৰালকৈ একেটা কোম্পানীয়ে চৰকাৰী চাকৰি দিয়াৰ নামতো প্ৰায় 5-6 লাখ টকাকৈ সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ধন ৷ এই কোম্পানীৰ মুখ্য আহ্বায়ক হিচাপে দায়িত্বত আছিল শ্ৰীৰাম পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰমেশ বৰুৱা ৷ কেৱল এয়াই নহয়, এই ভুৱা কোম্পানীটো চলাবলৈ বৰুৱাই পঞ্চায়তৰ এটা কোঠা প্ৰদান কৰিছে ৷
পিছে দিন আছিল বেয়া ৷ মঙলবাৰে চাকৰি দিয়াৰ নামত সপত্নীক ঢকুৱাখনাৰ পৰা ধন সংগ্ৰহ কৰিবলৈ মাজুলীলৈ অহা পলাশজ্যোতি বৰাক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৱদ্ধ কৰি ৰাখে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গুৱাহাটী মহানগৰীৰ এপ’ল’ হাস্পতালত কোম্পানীটোৱে চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি দীৰ্ঘদিনে মাজুলীৰ ভিন্ন প্ৰান্তৰ ৰাইজক ঠগি প্ৰদান কৰি আহিছিল ভুৱা স্বাস্থ্য সেৱা কাৰ্ড ৷