অসম

assam

ETV Bharat / state

টেট পৰীক্ষাত পত্নীক সহায় কৰিবলৈ আহি গ্ৰেপ্তাৰ বিষয় শিক্ষক - FAKE EXAMINEE ARRESTED

মহিলাৰ নামৰে প্ৰ-পত্ৰ পূৰণ কৰি ভুৱা পৰীক্ষাৰ্থীৰ ৰূপত অৱতীৰ্ণ হৈছিল এজন বিষয় শিক্ষক । পিছে দিন বেয়া আছিল তেওঁৰ ।

Fake examinee arrested in TET
তেজপুৰত টেট পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 10:04 PM IST

তেজপুৰ :পত্নীক পৰীক্ষাত সহায় কৰিবলৈ ভুৱা পৰীক্ষাৰ্থীৰ ৰূপত অৱতীৰ্ণ হৈ বিপদত পৰিল এজন বিষয় শিক্ষক । আজি সকলো পৰিকল্পনা মতেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিষয় শিক্ষকজন । শিক্ষকজনৰ লক্ষ্য় আছিল কেনেবাকৈ পত্নীৰ ওচৰত বহি তেওঁক সহায় কৰা । সকলো ঠিকেই চলি আছিল যদিও হঠাতেই লাগিল কেনা । একেখন বিদ্য়ালয়ৰ এজন সহকৰ্মীয়ে বিষয় শিক্ষকজনক দেখা পোৱাৰ পিচতেই লাগিল খেলি-মেলি ।

মহিলা পৰীক্ষাৰ্থীৰ নামত আহিল পুৰুষ :

আজি আছিল ৰাজ্য চৰকাৰৰ শিক্ষা বোৰ্ডৰ দ্বাৰা পৰিচালিত তথা অনুষ্ঠিত হাইস্কুলৰ টেট পৰীক্ষা । এই পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ এজন বিষয় শিক্ষকে পত্নীৰ বেঞ্চতে বহিল । পত্নীক সহায় কৰিবলৈকে তেওঁ কৌশলেৰে আহিছিল মহিলা পৰীক্ষাৰ্থী হিচাপে ।

তেজপুৰত টেট পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ (ETV Bharat Assam)

মহিলাৰ নামত প্ৰ-পত্ৰ পূৰণ কৰা ভুৱা পৰীক্ষাৰ্থী হৈছে দলগাঁও বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ৰ বিষয় শিক্ষক ছাদেক আলী । ঘটনাটো সংঘটিত হৈছে তেজপুৰ চৰকাৰী বহুমুখী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত ।

মহিলাৰ নামৰে প্ৰ-পত্ৰ পূৰণ কৰি মহিলা পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত কেন্দ্ৰত পত্নীৰ লগত বহি টেট পৰীক্ষা দিবলৈ আহিছিল ছাদেক আলী । পত্নীক সহায় কৰিবলৈ গৈ আজি তেজপুৰত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এইজন শিক্ষক ৷ উল্লেখ্য় যে ছাদেক আলী দলগাঁও বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক ৷

কেনেকৈ ধৰা পৰিল ?

আজি ৰাজ্য চৰকাৰৰ শিক্ষা বোৰ্ডৰ দ্বাৰা পৰিচালিত তথা অনুষ্ঠিত হাইস্কুলৰ টেট পৰীক্ষাৰ সময়তে এই ভুৱা পৰীক্ষাৰ্থীজন ধৰা পৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় কেন্দ্ৰটোত ৷ এই কেন্দ্ৰটোত প্ৰৱেশ কৰা ছাদেকক তেওঁৰে পৰিচিত দলগাঁৱৰে আন এজন শিক্ষকে চিনাক্ত কৰে ৷ আনজন শিক্ষকেও তেওঁৰ পত্নীক পৰীক্ষা কেন্দ্ৰটোত থবলৈ অহাৰ সময়ত ছাদেকক পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত দেখা পায় । লগে লগে তেওঁ এই বিষয়ে কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰকক অৱগত কৰে ৷

এইজন অভিযুক্ত যে প্ৰকৃততে এজন শিক্ষক সেয়া প্ৰমাণ কৰাৰ বাবে শিক্ষাসেঁতু এপৰ জৰিয়তে সবিশেষ তথ্য ফাদিল হোৱাৰ পিছতে তথা মহিলা পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত কেন্দ্ৰটোত এজন পুৰুষ পৰীক্ষাৰ্থীয়ে কেনেদৰে প্ৰৱেশ কৰিলে সেইলৈ চৰ্চা হোৱাত তেজপুৰ আৰক্ষীক বিষয়টো অৱগত কৰাত আৰক্ষীয়ে ছাদেকক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য় যে আৰক্ষীয়ে ধৃত ছাজেদে ছাজিদ আলীৰ নামত টেট পৰীক্ষাৰ কাৰণে মহিলা প্ৰাৰ্থী হিচাবে আবেদন কৰি পত্নীৰ ছাজিদাৰ বেঞ্চতে পৰীক্ষাত বহিছিল । ধৃত ছাজেদক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে আজি অনুষ্ঠিত টেট পৰীক্ষাত শোণিতপুৰৰ সাতটা কেন্দ্ৰত আগবেলা ৩৮০৮গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে আবেলি আছিল ২৯০২ গৰাকী প্ৰাৰ্থী ।

লগতে পঢ়ক:সলনি হ’ল টেট পৰীক্ষাৰ দিন, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ - GAUHATI HIGH COURT

পৰীক্ষা দিলেও চাকৰিৰ বাবে ছমাহ সময় অপেক্ষা কৰিব লাগিব ৰাজ্যৰ নিবনুৱাই ! - ADRE GRADE EXAM

ABOUT THE AUTHOR

...view details