তিনিচুকীয়া, ১৫ জুন :সমগ্ৰ অসমতে খলকনি লগোৱা ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ বাতৰি পুনৰ চৰ্চালৈ আহিছে ৷ শেহতীয়া প্ৰতিবেদনৰ পাচত পৰিয়ালে যথেষ্ট আশা কৰিছে ন্যায় লাভৰ ৷ শেহতীয়াকৈ পৰিয়ালে সন্দেহ কৰাৰ দৰেই দিল্লীৰ অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞ অজয় কুমাৰ গুপ্তাৰ এক বক্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞগৰাকীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ফাইজান আহমেদক কাণৰ ওচৰৰ পৰা গুলীয়াই হত্যা কৰাৰ লগতে ছুৰীৰে আঘাত কৰা হৈছিল ৷ তাৰ পাচতেই এতিয়া তিনিচুকীয়াৰ ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে এয়া এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷
কলকাতাৰ খড়গপুৰ আইআইটিত তৃতীয়বৰ্ষত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাবী ছাত্ৰ ফাইজান আহমেদ (২৩) ৰ ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে এটা হোষ্টেলৰ কোঠাত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ দাবীত কলকাতাৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ সেই সময়তেই মাতৃ ৰেহানা বেগমে ফাইজান আহমেদৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি চি বি আই তদন্তৰ দাবী জনাইছিল ৷
মাতৃৰ অভিযোগ আছিল যে, ফাইজানৰ মৃত্যুৰ তথ্য সম্পূৰ্ণৰূপে লুকুৱাব বিচাৰিছে আইআইটি কৰ্তৃপক্ষ, হোষ্টেলৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষীয়ে ৷ কিয়নো ঘটনাটো সংঘটিত হোৱাৰ তিনিটা দিনৰ পাচতহে তেওঁলোকে অৱগত কৰে পৰিয়ালটিক ৷ হোষ্টেলৰ ভিতৰত এজন ছাত্ৰৰ মৃত্যু হৈ মৃতদেহ উৱলি যাব কিন্তু হোষ্টেল কৰ্তৃপক্ষই গম নাপাব সেয়া অসম্ভৱ ৷
মৃতদেহ উৱলি যোৱাৰ পাচত আন ছাত্ৰই গোন্ধ পাই চোৱাৰ পিচতহে কৰ্তৃপক্ষই মৃত্যুৰ কথা গম পালে বুলি কোৱাটো ৰহস্যজনক ৷ এই ক্ষেত্ৰত আইআইটিৰ লগতে হোষ্টেলৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই, সমান্তৰালভাৱে খড়গপুৰ আৰক্ষীয়ে সকলো তথ্য লুকুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ফাইজানৰ মাতৃয়ে ৷
লগতে পঢ়ক :Faizan Ahmed death case: বুধবাৰে বিমানযোগে কলিকতালৈ লৈ যোৱা হ’ব ফাইজানৰ মৃতদেহ