অসম

assam

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 12:52 PM IST

ETV Bharat / state

যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

Toll Tax Rate in Assam : এতিয়াৰে পৰা আপোনাৰ যাত্ৰা হ’ব অধিক ব্যয়বহুল ৷ কিয়নো দেওবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টোল কৰ ৷ ৩ ৰ পৰা ৫ শতাংশলৈ বৃদ্ধি পালে এই টোল কৰ ৷

Toll Tax Rate in Assam
যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট (etv bharat assam)

ৰহা, ৩ জুন : ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে(এন এইচ এ আই) গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত ৷ সেই অনুসৰি, সোমবাৰৰ পৰা আপুনি যাত্ৰা কৰোতে টোলগেটত ভৰিবলগীয়া হ’ব অধিক ধন ৷ ইয়াৰ সমান্তৰালকে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে টোল কৰ । ৩ ৰ পৰা ৫ শতাংশলৈ বৃদ্ধি হৈছে এই টোল কৰ ।

উল্লেখ্য যে, চলিত বৰ্ষৰ যোৱা এক এপ্ৰিলৰ পৰা ২০২৪-২০২৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুনৰ টোল কৰ (সংশোধন) সংগ্ৰহৰ বাবে ৰহা টোলগেটলৈ এক নতুন নিৰ্দেশ প্ৰদান কৰে ৷

টোল কৰৰ তালিকা (etv bharat assam)

কিন্তু এপ্ৰিল মাহত ৰাজ্যত লোকসভা নিৰ্বাচনৰ বাবে জনসাধাৰণক চক্ষুৰ আঁৰত ৰাখি টোল কৰ বৃদ্ধিৰ প্ৰসংগটো গোপনে ৰখা হৈছিল ৷ তাৰ পিচতে শেহতীয়াকৈ দেওবাৰে নিশা ১২ বজাৰ পৰা পুনৰ বৃদ্ধি কৰিছে টোল কৰ । অৰ্থাৎ আজি সোমবাৰৰ পৰা ৰহা টোলগেটত বৃদ্ধি হ’ব ৫ শতাংশ টোল কৰ ।

দেওবাৰলৈকে এখন সৰু চাৰিচকীয়া বাহনে এবাৰ টোলগেট পাৰ হ'লে দিবলগীয়া হৈছিল ১১৫ টকা । এতিয়া সেই বাহনে ভৰিব লাগিব ১২০ টকা । সেইদৰে স্থানীয় লোকে ভৰিব লাগিব ৬০ টকা । নতুন কৰ অনুসৰি লঘু মালবাহী বাহনে এবাৰত ১৯০ টকা আৰু পুনৰ ঘূৰি আহিলে ২৮৫ টকা, বাছ আৰু ট্ৰাক(two axles) এবাৰত ৪০০ টকা, পুনৰ ঘূৰি আহিলে ৫৯৫ টকা, বাণিজ্যিক বাহনে এবাৰত ৪৩৫ টকা আৰু ঘূৰি আহিলে ৬৫০ টকা, গুৰু বাণিজ্যিক বাহনে এবাৰত ৬২৫ টকা আৰু ঘূৰি আহিলে ৯৩৫ টকা আৰু অতিৰিক্ত আকাৰৰ (seven or more axles) বাহনে এবাৰত ৭৬০ টকা আৰু পুনৰ ঘূৰি আহিলে ১১৪০ টকাকৈ টোল কৰ ভৰিব লাগিব ।

উল্লেখ্য যে, এই টোল কৰ বিগত কৰতকৈ ৫ শতাংশকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতিবাৰত ৫ টকাৰ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে টোল কৰ । যদি এখন টোলগেটতেই এনেকৈ বৰ্ধিত টোলকৰ আদায় দিবলগা হয় তেন্তে ৰাজ্যৰ ১১ খন টোলগেটত বৰ্ধিত টোল কৰ আদায় দি প্ৰতিখন চাৰিচকীয়া বাহনৰ স্বত্বাধিকাৰীসকল দেউলীয়া হ’ব ৷

এফালে খাদ্যবস্তু, ঔষধ আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আনফালেদি টোল কৰে এতিয়া যেন সৰ্বসাধাৰণ ৰাইজক পুনৰ মাধমাৰ দিবলৈ সাজু হৈছে । এতিয়া এই টোল কৰৰ বিৰুদ্ধে ৰহাৰ সকলো শ্ৰেণীৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:ব্যয়বহুল হ’ব আপোনাৰ যাত্ৰা, 3-5 শতাংশ বৃদ্ধি টোল কৰ - Toll Tax Rate Increase Expressway

ABOUT THE AUTHOR

...view details