বৰপেটাৰোড :বিয়া বুলি ক'লে সকলোৰে মনত জাগি উঠে এক শিহৰণ তথা অনন্য অনুভূতি । কাৰোবাৰ যদি ডেষ্টিনেচন ৱেডিং, আন কোনোবাই আকৌ তেওঁলোকৰ বিয়াৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তু অনুসৰণ কৰা দেখা যায় । এই বিবাহকাৰ্য আকৌ বহুতে ব্যতিক্ৰমী ৰূপত সমাপন কৰিব বিচাৰে যাতে জীৱনৰ বিশেষ দিনটো সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰয় । তেনে এক দৃশ্য়ৰে প্ৰতিফলিত হ'ল পাঠশালাৰ এখন বিয়াত ।
সৰভোগৰ সাউদপাৰাৰ প্ৰণামী সাউদৰ বিয়াত সন্ধিয়াৰে পৰাই মানুহৰ অপেক্ষা । দৰা কেতিয়া আহিব অথবা লগত কিমান মানুহ আহি ৰভাথলীত ভিৰ কৰিব তাকলৈ কইনা পক্ষই অপেক্ষা কৰা নাই, কৰিছে মাথো দৰাজন কি বাহনত আহিব । অৱশেষত অপেক্ষাৰ অন্ত পৰিল । প্ৰচণ্ড শব্দৰে আহিল দৰাৰ বাহন । কইনাৰ ঘৰৰ সন্মুখত ৰ'ল এখন ট্ৰেক্টৰ । শুভ্ৰ সাজ পৰিধান কৰা দৰাই লাজুক লাজুক ভাৱেৰে নামিল ট্ৰেক্টৰৰ পৰা ।
পাঠশালাৰ এখন ব্যতিক্ৰমী বিয়া । বিলাসী বাহনৰ পৰিৱৰ্তে কইনাক নিবলৈ দৰা আহিল ট্ৰেক্টৰত । সৰভোগৰ সাউদপাৰাৰ কইনাক আদৰি নিবলৈ ট্ৰেক্টৰত আহিল দৰা । প্ৰীতম শৰ্মা নামৰ যুৱকজনে সৰভোগৰ সাউদপাৰাৰ প্ৰণামী সাউদৰ সৈতে শনিবাৰে বিবাহপাশত আৱদ্ধ হয় । দৰা প্ৰীতম শৰ্মা খেতিয়কৰ পুত্ৰ হোৱা বাবে তেওঁৰ কইনাক ঘৰলৈ আদৰি নিবলৈ সৰভোগৰ সাউদপাৰালৈ বৰযাত্ৰী ৰূপে আহিল ট্ৰেক্টৰত ।
এই বিবাহ সন্দৰ্ভত দৰাৰ সখীয়ে কয়, “সৰভোগৰ যুৱতী এগৰাকীৰ সৈতে পাঠশালাৰ যুৱকৰ বিবাহ ঠিক হোৱাৰ পাচত কইনাক আদৰি নিবলৈ গৰুৰ গাড়ীলৈ আহিব বুলি দৰা পক্ষই কল্পনা কৰিছিল । কিন্তু গৰু মিলিল যদিও গৰুগাড়ী নিমিলিল । অসম এখন কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমীয়াৰ সন্তানে নাঙলৰ মুঠিত নধৰিলে গত্যন্তৰ নাই । দৰা নিজেও এজন খেতিয়কৰ সন্তান ৷ সেয়ে নিজৰ কইনাক ঘৰলৈ আদৰি নিবলৈ বজালীৰ পাঠশালাৰ পৰা বৰযাত্ৰী ট্ৰেক্টৰেৰে আহে ।”