তিনিচুকীয়া :তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ নামত ব্যৱসায়ীসকলক ধনদাবী কৰাটো কোনো নতুন কথা নহয় । ধাৰাবাহিকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত ধনদাবীৰ ঘটনাৰ লগতে আৰক্ষীৰ ওচৰতো দাখিল হৈছে বহু এজাহাৰ । তাৰ সমান্তৰালভাৱে একাংশই আলফা স্বাধীনৰ নামত ধনদাবী কৰিও চলাই আহিছে সন্ত্ৰাস । তেনেদৰেই আলফা স্বাধীনৰ নামত ধনদাবী কৰি সেনা-আৰক্ষীৰ জালত পৰিল এজন আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ ।
- ধনদাবী গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন আলফা কেডাৰ
ভাৰতীয় সেনা বাহিনী আৰু পেঙেৰী আৰক্ষীৰ বিশেষ অভিযানত বুধবাৰে গ্ৰেপ্তাৰ হয় আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ সুৰজিৎ মৰাণ ওৰফে কলীয়া । কলীয়াৰ ঘৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত নলনি গাঁৱত । তিনিচুকীয়া জিলাখনৰ বিভিন্ন ঠাইত ব্যৱসায়ীসকলক আলফা স্বাধীনৰ নামত ধনদাবী কৰি আহিছিল কলীয়াই । পেঙেৰী আৰক্ষীয়ে ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে সুৰজিৎ মৰাণ ওৰফে কলীয়া নামৰ আত্মসমৰ্পণকাৰী আলফা কেডাৰজনক ।