অসম

assam

ETV Bharat / state

মন্ত্ৰীৰ পৰা ৯১ বছৰীয়া প্ৰাক্তন আৱাসীলৈ....সকলোৰে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ স্মৃতি ৰোমন্থন - JAGANNATH BAROOAH COLLEGE

উদুলি মুদুলি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাকৰি । আবেগিক পৰিৱেশত আৰম্ভ প্ৰাক্তন আৱাসী সন্মিলন ।

Jorhat Jagannath Barooah College
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়) (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 6:12 PM IST

যোৰহাট:উজনি অসমৰ এখন ঐতিহ্য়মণ্ডিত মহাবিদ্য়ালয় । সময়ৰ লগে লগে এই মহাবিদ্য়ালয়খনে সলালে ৰূপ । এতিয়া বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে এই ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠানখন । আজি ইয়াতেই সমৱেত হৈছে প্ৰাক্তন আৱাসীসকল । সকলোৱে নিজৰ নিজৰ পদমৰ্যাদা পৰিহাৰ কৰি উভতি গৈছে মহাবিদ্য়ালয়ত কটোৱা সোণোৱালী অতীতলৈ । ৯১ বছৰীয়া প্ৰাক্তন ছাত্রও আনন্দত আত্মহাৰা ।

উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান হৈছে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় । এতিয়া জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় হিচাপে পৰিচিত । পূৰ্বৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে প্ৰাক্তন আৱাসী সন্মিলন । আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিভিন্ন বৰ্ষ সাঙুৰি ১১৪ খন পতাকা উত্তোলন কৰা হয় । লগতে বিভিন্ন আটকধুনীয়া বিশেষ প্ৰদৰ্শনীৰো ব্য়ৱস্থা কৰা হয় । এই কাৰ্যসূচী মুকলি কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই ।

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়) (ETV Bharat Assam)

এই কাৰ্যসূচী মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়," মহাবিদ্যালয়খনৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিৱাসত থাকি শিক্ষাগ্ৰহণ কৰি বৰ্তমান ৰাজ্য আৰু দেশ-বিদেশত সিঁচৰিত হৈ থকা প্ৰাক্তন আৱাসীসকল একগোট হৈ তেওঁলোকৰ সেই সময়ৰ স্মৃতি ৰোমন্থন কৰিছে । এই প্ৰক্ৰিয়াৰ ২০১৪ চনৰ পৰাই প্ৰস্তুতি চলি আছিল । এই আৱাসী সন্মিলনত বিভিন্ন বয়সৰ আৰু দশক গৰকা সকলো প্ৰাক্তন আৱাসী সমৱেত হৈছে । এই সন্মিলনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিভিন্ন উদ্যোগী সম্ভাৰ ঘটা এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে ।" লগতে তেওঁ কয় যে এই প্ৰদৰ্শনীৰ জৰিয়তে কামৰ সন্ধানত থকা প্ৰাক্তন আৱাসীৰ সতি-সন্ততিসকলৰ লগতে প্ৰাক্তন আৱাসীসকলো বিশেষভাৱে উপকৃত হ'ব ।

৯১ বছৰীয়া প্ৰাক্তন ছাত্রৰ স্মৃতি ৰোমন্থন :

এই সন্মিলনত অংশগ্ৰহণ কৰি ১৯৬১ চনৰ এগৰাকী প্ৰাক্তন আৱাসীয়ে সেই সময়ছোৱাত ছাত্ৰাবাসত কটোৱা কথা ৰোমন্থন কৰে । ৯১ বছৰীয়া প্ৰাক্তন আৱাসীগৰাকীয়ে কয়," ছাত্রাবাসত থকা সময়ত আমাক এখন তামোল দিয়া হৈছিল আৰু আমি তেতিয়া গম পাইছিলো আমাৰ ভাত খোৱাৰ সময় হৈছে । দেশৰ পৰিস্থিতি সাপেক্ষে এইবোৰ সলনি হৈ পৰিল । আমাৰ সময়ছোৱাত শিক্ষাগুৰুৱে আমাক মাৰধৰ কৰা নাছিল আৰু কোনো কৰ্কথনা শুনোৱা নাছিল ।"

৯১ বছৰীয়া প্ৰাক্তন আৱাসীগৰাকীয়ে ছৈয়দ আব্দুল মালিকে পাঠদান কৰাৰ বিষয়ে উল্লেখ কৰি কয়," মই বিজ্ঞান শাখাৰ ছাত্র যদিও মোৰ লগতে সকলো শিক্ষাৰ্থীয়ে ছৈয়দ আব্দুল মালিক ছাৰৰ অসমীয়া ক্লাছ কৰিবলৈ হেতাওপৰা লগাইছিল । কাৰণ তেওঁৰ শিক্ষণ প্ৰণালীয়ে সকলো শিক্ষাৰ্থীকে আকৰ্ষণ কৰিছিল ।"

লগতে পঢ়ক:যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (বিশ্ববিদ্যালয়)ৰ প্ৰাক্তন আৱাসী সন্মিলনৰ প্ৰস্তুতি তুংগত - JAGANNATH BAROOAH UNIVERSITY

ABOUT THE AUTHOR

...view details