যোৰহাট : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখনি অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । এই অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ হৈছে কাম-কাজ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনক লৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে যোৰহাটত । এইবাৰ এই অধিবেশনখনি ম'হবন্ধা এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ।
গুৰু আসন স্থাপন :
আজি নামঘৰ প্ৰতিষ্ঠা কৰি গুৰু আসন স্থাপন কৰাত নাম প্ৰসংগ আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । অধিবেশনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি উক্ত স্থানত একত্ৰিত হ'ব । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ মিলনস্থলী হৈ পৰিব ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাকৰি । শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ মূল উদ্দেশ্য হ'ল গুৰুজনাৰ অমিয়া বাণী বিশ্বৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰা ।