গুৱাহাটী,২৯ ছেপ্টেম্বৰ :‘‘অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে সমজিলা গঠন কৰিম । অহা ৪ আৰু ৫ অক্টোবৰত অসমৰ ৩৯ টা বিধানসভা সমষ্টিত আমি সমজিলা প্ৰতিষ্ঠা কৰিম । লগতে দ্বিতীয় পৰ্যায়ত বাকী থকা জিলাসমূহতো সমজিলা নিৰ্মাণ কৰিম ।’’- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে নিশা সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সমজিলা হোৱাৰ পাছত বহু কাম জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে সম্পন্ন হ'ব । বিভিন্নধৰণৰ সেৱা সমজিলাৰ যোগেদি কৰিব পৰা যাব । সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে । সমজিলাই ৰাইজক প্ৰশাসনৰ কাষলৈ লৈ যাব ।’’
নিযুত মইনা আঁচনি :
নিযুত মইনা আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘৬ অক্টোবৰত নিযুত মইনা আঁচনি আৰম্ভ কৰিম । ৰাজ্যৰ প্ৰায় ২ লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব ।’’
দুৰ্গা পূজা সমিতিলৈ বিত্তীয় সাহায্য :
দুৰ্গা পূজা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব । বিহুৰ সময়তো আগবঢ়াও । ভাওনাৰ সময়তো আগবঢ়াম । দুৰ্গা পূজাৰ সমিতিসমূহক বিত্তীয় সাহায্যৰ বাবে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছো ।’’
বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ :
বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰতিবেদনখন ইতিমধ্যে অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবচাইটত সকলোৱে চাব পৰাকৈ দিয়া হৈছে । কমিটীয়ে ৰাজ্য চৰকাৰক দিয়া দায়িত্ব আমি পালন কৰিম । ৰাজ্য চৰকাৰৰ এক্তিয়াৰত থকা ৫২ টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিম । বাকী কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰত থকা ১৭ টা পৰামৰ্শৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত কথা পাতি ৰূপায়ণৰ চেষ্টা কৰিম । ইয়াক লৈ কংগ্ৰেছ দল আৰু দুই-এজন ৰাজনীতি কৰা লোকে মোক বেয়া পাইছে । তেওঁলোকে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ণ নকৰিলেও মোক গালি পাৰে আৰু ৰূপায়ণ কৰিব বিচাৰিলেও গালি পাৰে । স্পষ্ট কৰি দিব লাগে কৰিব লাগেনে নাই ! এইখন অসম নিৰাশাৰ অসম নহয় ।’’
কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ এক্স পোষ্টৰ প্ৰতিক্ৰিয়া :
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ, কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই টুইট(এক্স) কৰি কৈছে যে ছেমিকণ্ডাক্টৰ উদ্যোগটো কৰ্ণাটকতহে হ'ব লাগিছিল । অসমত কেনেকৈ ছেমিকণ্ডাক্টৰ উদ্যোগ হ'ব পাৰে ? আমি গৌৰৱৰে ক’ব পাৰো যে আমি ছেমিকণ্ডাক্টৰ উদ্যোগ আনি কৰ্ণাটক চৰকাৰৰ টোপনি হেৰুৱাই পেলাইছো । কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক’ব বিচাৰো যে অসমে আকাশ চুব । কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম যে অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও ক’ৰবাত ক’ৰবাত গৌৰৱ অনুভৱ কৰক । নাম গৌৰৱ হ’লেই নহ'ব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব । অসমৰ ভৱিষ্যৎ এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে ।’’
বিজেপিৰ সদস্যভৰ্তি অভিযান :