গুৱাহাটী: ৰাজ্যত এতিয়া তুংগত উঠিছে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । পাঁচটা সমষ্টিত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ । শাসক-বিৰোধী উভয়ে এঘড়ী যুঁজাৰ বাবে সাজু হৈছে । পাঁচটা সমষ্টিৰ ভিতৰত বিশেষভাৱে লক্ষণীয় হৈ পৰিছে চামগুৰি সমষ্টি । দীৰ্ঘ সময়ে কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্ধাৰ কৰাৰ বাবে উঠিপৰি লাগিছে শাসকীয় দল বিজেপি । যাৰবাবে একপ্ৰকাৰ ৰণক্ষেত্রত পৰিণত হৈছে চামগুৰি সমষ্টি ।
লগতে পঢ়ক:চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?
চামগুৰিত বিজেপিৰ হৈ প্ৰচাৰত নামিছে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক । কেন্দ্ৰীয় মন্ত্রী পৱিত্র মাৰ্ঘেৰিটায়ো সমষ্টিটোত চলাইছে প্ৰচাৰ । ইফালে দীৰ্ঘ সময় ধৰি প্ৰতিনিধিত্ব কৰি অহা চামগুৰি সমষ্টিটো এইবাৰ পুত্রৰ দখললৈ অনাৰ বাবে পূৰ্ণোদ্যমে উঠি পৰি লাগিছে সাংসদ ৰকিবুল হুছেইনে । দীঘলীয়া সময় চামগুৰিক প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনে পুত্র তাঞ্জিল হুছেইনক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰি পেলাইছে।
লক্ষণীয় বিষয় যে ঝাৰখণ্ডৰ নিৰ্বাচনৰ বাবে অত্যন্ত ব্যস্ত হৈ থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই একালৰ বন্ধু তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবলৈ আহিব নে নাহে তাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । ২০০১ চনৰ পৰাই কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিটো পুনৰ কংগ্ৰেছ দলৰ হৈ পুত্ৰ তাঞ্জিল হুছেইনৰ নামত দখল কৰিবলৈ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন উঠি পৰি লগাৰ বিপৰীতে কংগ্ৰেছৰ পৰা সমষ্টিটো উদ্ধাৰৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে ।