গুৱাহাটী, ১৫ অক্টোবৰ:শাৰদীয় দুৰ্গোৎসৱৰ মহাআনন্দৰ মাজতে এইবাৰ ৰাজ্যত সংঘটিত হয় আঠ শতাধিক পথ দুৰ্ঘটনা । অৱশ্যে দুৰ্ঘটনাৰ এই তথ্য কেৱল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰহে । পূজাৰ সময়ত সংঘটিত সকলো দুৰ্ঘটনাকে মৃত্যুঞ্জয় সেৱাই সামৰি লৈছে বুলি ক'ব নোৱাৰি । সেই হিচাপত ইয়াৰ সংখ্যা আৰু অধিক হ'ব ।
মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চ সেৱাৰ তথ্য অনুসৰি এইবাৰ শাৰদীয় দুর্গোৎসৱৰ ছটা দিনত ৰাজ্যত ৮৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় । অৰ্থাৎ পূজাৰ ছটা দিনত ১০৮ এম্বুলেঞ্চ সেৱাই ৮৪৩ টা দুৰ্ঘটনাৰ ক্ষেত্রত আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্রত সেৱা আগবঢ়ায় । ১১ অক্টোবৰত সৰ্বাধিক সংঘটিত হয় ১৯১ টা পথ দুৰ্ঘটনা।
ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা :
১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি বিগত ৮ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যত মুঠ ৮৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় । সেই অনুসৰি ৮ অক্টোবৰত ১০১ টা দুৰ্ঘটনা, ৯ অক্টোবৰত ১০৩ টা, ১০ অক্টোবৰত ১২৭ টা, ১১ অক্টোবৰত সৰ্বাধিক ১৯১টা, ১২ অক্টোবৰত ১৮৭ টা দুৰ্ঘটনা আৰু ১৩ অক্টোবৰত ১৩৪ টা দুৰ্ঘটনাত হতাহত লোকক মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চৰ যোগেদি সেৱা আগবঢ়োৱা হয় ।
১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ তথ্য মতে, বিগত ছয় দিনত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা পথ দুৰ্ঘটনা সংঘটিত হয় । সেইদৰে কামৰূপ জিলাত ৬০ টা, গোলাঘাটত ৫৭ টা, কামৰূপ মহানগৰ জিলাত ৫৪টা, নগাঁৱত ৫২ টা পথ দুর্ঘটনা সংঘটিত হয় । আনহাতে, দক্ষিণ শালমৰা জিলাত মাত্ৰ ২ টা দুৰ্ঘটনা সংঘটিত হয় ।
মৃত্যুঞ্জয় সেৱা কৰ্তৃপক্ষৰ তথ্য মতে, উক্ত ছটা দিনত বাক্সা জিলাত ১৪ টা, বৰপেটা জিলাত ৩৩ টা, বঙাইগাঁও জিলাত ৩৮ টা, কাছাৰত ৩২ টা, চৰাইদেউত ৮ টা, চিৰাঙত ১৪ টা, দৰঙত ২৬ টা, ধেমাজি জিলাত ২৭ টা, ধুবুৰীত ১৮ টা, ডিব্ৰুগড়ত ৪৬ টা, ডিমা-হাচাওত ৪ টা, পূব কাৰ্বি আংলং জিলাত ১৮ টা, গোৱালপাৰাত ২৮ টা, গোলাঘাটত ৫৭ টা, হাইলাকান্দিত ৮ টা, যোৰহাটত ৩৩ টা, কৰিমগঞ্জত ৯ টা, কোকৰাঝাৰত ১৩ টা, লখিমপুৰত ২৯ টা,মাজুলীত ৭ টা, মৰিগাঁৱত ২৬ টা, নগাঁৱত ৫২ টা, নলবাৰীত ৩৪ টা, শিৱসাগৰত ৮ টা, তিনিচুকীয়াত ৪৪ টা, ওদালগুৰিত ২৮ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৭ টা পথ দুৰ্ঘটনা সংঘটিত হয় ।
বিগত বৰ্ষত দুৰ্গোৎসৱৰ সময়ত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা :