গুৱাহাটী, 5 জুন :অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি ৷ বহু ঠাইত পানী শুকাইছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে ৷ সৰ্বস্ব হেৰুওৱাসকলৰ বেদনা একমাত্ৰ হেৰুওৱাজনেহে উপলব্ধি কৰিব পাৰে ৷ বাৰিষাৰ প্ৰথমটো বানে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ৰাজ্যৰ 8 খন জিলাক ৷ আনহাতে, বিগত কিছুদিনে হৈ থকা বৰষুণৰ বাবে ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাৱিত হৈছে ন ন অঞ্চল ৷
লগতে পঢ়ক:লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - Lok Sabha Election Results 2024
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, এই পৰ্যন্ত বানত মৃত্যু ঘটিছে 24 জনকৈ লোকৰ ৷ নতুনকৈ ছজন লোকে প্ৰাণ হেৰুওৱাৰ বাবে এই সংখ্যা বৃদ্ধি হয় ৷ বৰ্তমান সময়তো ৰাজ্যৰ 8 খন জিলাৰ চাৰি লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈ আছে ৷ এতিয়াও কামপুৰ, ধৰমতুল আৰু নগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী নৈ ৷ সেইদৰে কৰিমগঞ্জতো বিপদসীমাৰ ওপৰেৰে বৈ আছে কুশিয়াৰা নৈ ৷
বানত এতিয়ালৈকে প্ৰাণ গ'ল 24 জনৰ : প্ৰতিবাৰে জুৰুলা কৰাৰ দৰে এইবাৰো বাৰিষাৰ প্ৰথমটো ভয়াৱহ বানত এইপৰ্যন্ত 24 জন লোকৰ মৃত্যু ঘটিছে ৷ শেহতীয়াকৈ কাছাৰত পাঁচজন আৰু নগাঁৱত এজনৰ সৈতে মুঠ ছয়জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে শিশুসহ 18 জন লোকৰ মৃত্যু হৈছিল বানত ৷ এতিয়ালৈ কাছাৰত সৰ্বাধিক লোকৰ বানত মৃত্যু হৈছে ৷
বানৰ কবলত ৰাজ্যৰ আঠখন জিলা : বৰ্তমান সময়তো বানৰ কবলত আছে ৰাজ্যৰ আঠখন জিলা ৷ হোজাই, কাছাৰ, কৰিমগঞ্জ, নগাঁও, মৰিগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওত বানে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন ৷ তথ্য অনুসৰি, আঠখন জিলাৰ 21 টা ৰাজহ চক্ৰৰ 452 খন গাঁও সম্প্ৰতি বানৰ কবলত আছে ৷ সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে কাছাৰ আৰু নগাঁও জিলা ৷
বানত ক্ষতিগ্ৰস্তচাৰি লক্ষাধিক লোক: ৰাজ্যৰ আঠখন জিলাৰ 4,13,493 গৰাকী লোক বানৰ কবলত আছে ৷ ক্ষতিগ্ৰস্তসকলৰ ভিতৰত আছে ডেৰ লক্ষাধিক পুৰুষ-মহিলা ৷ লগতে আছে প্ৰায় এক লাখ 20 হাজাৰ শিশু ৷ নগাঁও জিলাত সৰ্বাধিক দুই লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷