বৰপেটা, ১৬ মে:যোৱা 14 মে’ত বৰপেটাৰ ভৱানীপুৰৰ বামুনবড়ি গাঁৱত খিলঞ্জীয়া লোকৰ ওপৰত দলৱদ্ধ আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে 8 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত 8 অভিযুক্ত কেইটা হ'ল- জাকিৰ খান, আতোৱাৰ আলী, ইনজামামুল হক, জয়নাল আবেদিন, নুৰ মহম্মদ, চাহাব আলী, নিৰাজুল মিঞা আৰু ববীদুল খান ৷ আটকাধীন আটাইকেইটা অভিযুক্তৰ ঘৰ হাউলী থানাৰ অধানৰ কঠালৰট্টাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি অৰ্থাৎ 15 মে’ত এই দলৱদ্ধ আক্ৰমণ ঘটনাৰ বুজ ল’বলৈ অঞ্চলটোত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত্ব কৰাৰ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশৰ পিচতে বুধবাৰে নিশা কয়াকুছি আৰক্ষী চকীৰ আৰক্ষীয়ে 8 টা অভিযুক্তক আটক কৰে ৷ অভিযুক্তকেইটাক বৃহস্পতিবাৰে আৰক্ষীয়ে বৰপেটা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ৷