নিউজ ডেস্ক,১১ এপ্ৰিল : আজি পবিত্ৰ ঈদ-উল-ফিটৰ । বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ঈদগাহ, মছজিদত সমূহীয়া নামাজ আদায় কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদক লৈ তৎপৰতা দেখা গৈছে ।
যোৰহাট জিলাৰ কাকজান ঈদগাহত ১০ সহস্ৰাধিক লোক একেলগে নামাজ আদাল কৰে । পুৱা সমূহীয়া নামাজত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰে । দেশৰ আৰু ৰাজ্যৰ শান্তি আৰু ভাতৃত্ববোধৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে । এই নামাজত ইমামতি কৰে কাকজান নতুন বনগাঁও মছজিদৰ ইমাম জহিৰুল ইছলামে । যোৰহাট জিলাৰ আন আন প্ৰান্ততো একেই পৰিৱেশ দেখা যায় । হিন্দু ধৰ্মৰ লোকসকলকো এই নামাজৰ সময়ত ঈদগাহত উপস্থিত থকা দেখা যায় । ইজনে সিজনক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে তাত উপলব্ধ বিভিন্ন মিঠাইৰো সোৱাদ লয় ।
একেদৰে কামৰূপ জিলাৰ কমলপুৰ ঈদগাহ ময়দানত বহু লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । পবিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষ্যে শিশুৰ পৰা বৃদ্ধলৈ সমূহীয়া নামাজত অংশ লোৱা দেখা গ'ল । পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত এই নামাজৰ জৰিয়তে সকলোৱে দেশৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে ।