মৰাণ, 10 মে’ :পুনৰ শাৰীৰিক জটিলতাই দেখা দিছেদীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক ৷ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পাচত ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱা হয় বিধায়কজনক ৷ কেইটামান দিনৰ পূৰ্বে চেন্নাইৰ এপ'ল' হাস্পতালত জটিল অস্ত্ৰোপচাৰ কৰোৱাৰ পাচতে দুলীয়াজানৰ গৃহলৈ লৈ অনা হৈছিল বিধায়কগৰাকীক ৷
কিন্তু বৃহস্পতিবাৰৰ বিয়লি পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিধায়ক গোৱালাক । উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা 24 এপ্ৰিলৰ পৰা চেন্নাইৰ এপ'ল' হাস্পতালত জ্যেষ্ঠ চিকিৎসক ইউৰ’লজিষ্ট ড৹ নিতেশ জৈনৰ অধীনত চিকিৎসা গ্ৰহণ কৰি আছিল বিধায়কগৰাকীয়ে ।
প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগি থকা বিধায়কগৰাকীৰ এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । অস্ত্ৰোপচাৰ সম্পূৰ্ণ হোৱাৰ পাচত কিছু সুস্থ হোৱাত দুলীয়াজানৰ গৃহতে চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল যদিও বৃহস্পতিবাৰে দিনত স্বাস্থ্য পুনৰ জটিল হোৱা দেখি পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ভৰ্তি কৰোৱায় গোৱালাক ।